ETV Bharat / state

ৰজাঘৰৰ পৰা অৱহেলিত হ’ল স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফাৰ মৈদাম - ছ্যু কা ফা দিৱস

চৰকাৰৰ অসম দিৱসৰ ৰাজকীয় আয়োজনৰ বিপৰীতে স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফাৰ মৈদামত ৰাইজৰ ধৰ্মীয় পূজা অৰ্চনা ৷

Allegations against the government to neglect siu ka pha maidam in charaideo
চাওলুং ছ্যু-কা-ফাৰ মৈদামত ৰাইজৰ ধৰ্মীয় পূজা অৰ্চনা
author img

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 10:00 PM IST

ৰাইজৰ ক্ষোভ

ডিব্ৰুগড়, 2 ডিচেম্বৰ : আজি ছ্যু-কা-ফা দিৱস অৰ্থাৎ অসম দিৱস । ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হ’ল ছ্যু-কা-ফা দিৱস । বিভিন্ন দল-সংগঠনে অসম দিৱস অনুষ্ঠিত কৰাৰ দৰে চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে টিংখাঙত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰিলে অসম দিৱস ।

মুখ্যমন্ত্ৰীৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী, বিধায়ক সকলোকে দেখা গ’ল এই কাৰ্যসূচীত । এই কাৰ্যসূচীত চাওলুং ছ্যু-কা-ফাৰ বীৰত্ব আৰু অৱদানৰ কথা উদাত্ত কন্ঠৰে কৈ গ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । কিন্তু ৰাজ্যজুৰি অতি উলহ মালহৰে অসম দিৱস পালন কৰাৰ সময়ত অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ আৰম্ভণি কৰোঁতা এইগৰাকী মহান ব্যক্তিৰ সমাধিস্থল আজিও অৱহেলিত, অনাদৃত তথা উপেক্ষিত হৈ আছে ।

চৰাইদেউত থকা সাতৰাজ সামৰি একৰাজ কৰি আহোম ৰাজশাসনৰ জৰিয়তে বৰ অসম গঢ়া স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফাৰ পবিত্ৰ সমাধিস্থল সংৰক্ষণ কৰিবলৈ আজিও ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰে । ছশ বছৰীয়া আহোম ৰাজত্বকালৰ প্ৰথমগৰাকী স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফাৰ পবিত্ৰ সমাধিস্থল অৰ্থাৎ মৈদাম সুদীৰ্ঘ কাল অচিনাক্ত হৈ থকাৰ পাচত ২০১৪-১৫ বৰ্ষত উদ্ধাৰ কৰা হৈছিল মৈদামটো ।

একাংশ আহোম গৱেষক তথা আহোম জনগোষ্ঠীয় সংগঠনৰ তৎপৰতাত চাহ বাগিচা অঞ্চলৰ মাজত চাৰিটা মৈদাম উদ্ধাৰ কৰি চিনাক্তকৰণ কৰাৰ লগতে পৰৱৰ্তী সময়ত ছ্যু-কা-ফাৰ মৈদামটোত বেৰা দি সংৰক্ষণৰ কিছু পদক্ষেপ গ্ৰহণ কৰা হৈছিল । কিন্তু অসম চৰকাৰ তথা ৰাজ্যিক প্ৰত্নতত্ব বিভাগক ছ্যু-কা-ফা মৈদাম সংৰক্ষণৰ বাবে বাৰম্বাৰ দাবী জনাই অহাৰ পাচতো তাৎপৰ্যপূৰ্ণভাৱে আজিলৈকে কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত নহ’ল । যাৰ ফলত এতিয়াও অৱহেলিত, অনাদৃত অৱস্থাত পৰি ৰ’ল স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফাৰ পবিত্ৰ সমাধিস্থল । আজি অসম দিৱসৰ দিনটোত চৰকাৰৰ তৰফৰ পৰা এগছি বন্তি জ্বলোৱাৰ ব্যৱস্থাও কৰা নহ’ল । কেৱল স্থানীয় ৰাইজ আৰু দুই এটা সংগঠনে ধৰ্মীয় নীতি নিয়মেৰে স্বৰ্গদেউ গৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰে । এতিয়া সকলোৱে পুনৰ দাবী জনাইছে অৱহেলিত, অনাদৃত ছ্যু-কা-ফাৰ মৈদাম সংৰক্ষণৰ ব্যৱস্থা কৰক চৰকাৰে ।

লগতে পঢ়ক : সাহস আছে যদি শক্তিশালী মুখ্যমন্ত্ৰীয়ে দিল্লীত চাওলুং ছ্যু-কা-ফাৰ বিশাল প্ৰতিমূৰ্তি স্থাপন কৰক: লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.