ETV Bharat / state

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সোণাৰিত পিষ্টলসহ এজনক আটক

author img

By

Published : Aug 14, 2022, 12:02 PM IST

দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস (76th Years of Independence)লৈ মাজত মাত্ৰ কেইটিমান ক্ষণ । তাৰ মাজতে প্ৰতিটো প্ৰান্ততে আৰক্ষী প্ৰশাসনে চলাইছে নিচিদ্ৰ তালাচী । সোণাৰিত আৰক্ষীয়ে তালাচী চলাই এটা পিষ্টলসহ আটক কৰে এজন লোকক(Man arrested with point 22 pistol) ।

a person arrested with point 22 pistol at sonari
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সোণাৰিত পইণ্ট ২২ পিষ্টলসহ এজনক আটক

চৰাইদেউ,১৪ আগষ্ট: দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু হৈছে সমগ্ৰ দেশবাসী (76th Years of Independence) । দেশত অব্যাহত আছে স্বাধীনতাৰ অমৃত মহোৎসৱ (Azadi ka Amrit Mahotsav) বিভিন্ন কাৰ্যসূচী । স্বাধীনতা দিৱসত যাতে কোনো কূটাঘাটমূলক কাৰ্য সংঘটিত নহয় তাৰ বাবে সষ্টম হৈ পৰিছে দেশ তথা ৰাজ্যৰ আৰক্ষী ।

সমান্তৰালভাৱে এই বিশেষ দিনটোৰ প্ৰাক মূহুৰ্তত সষ্টম হৈ পৰিছে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ আৰক্ষী । চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে নিচিদ্ৰ তালাচী অভিযান । স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত চলোৱা এই অভিযানত পইণ্ট ২২ পিষ্টলসহ এজনক আটক কৰিছে সোণাৰি আৰক্ষীয়ে (Man arrested with point 22 pistol) । সোণাৰিৰ বাঁহবাৰীৰ পৰা আটক কৰা হৈছে দিগন্ত সন্দিকৈ নামৰ লোকজনক ।

সোণাৰিস্থিত সেনা বাহিনীয়ে আটক কৰি সোণাৰি আৰক্ষীক গতাই দিয়ে লোকজনক । অৱশ্যে সমগ্ৰ ঘটনাটো এক প্ৰকাৰ ষড়যন্ত্ৰ বুলি আখ্যা দিছে আটকাধীন দিগন্ত সন্দিকৈয়ে । ইয়াৰ পূৰ্বেও আটকাধীন দিগন্ত সন্দিকৈক ষড়যন্ত্ৰমূলকভাৱে আৰক্ষীয়ে আটক কৰিছিল বুলি অভিযোগ উত্থাপন কৰে লোকজনে ।

লগতে পঢ়ক: ধুবুৰীত ত্ৰিৰংগ পতাকাৰে উজলিল ব্ৰহ্মপুত্ৰৰ বুকু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.