মৰাণ,12 জুলাই : পখিলা খেদাৰ বয়সত এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত এটি কণমানি ৷ চিকিৎসালয়ৰ বিচনাত নিথৰ হৈ পৰি আছে কণমানিটি ৷ শিশুটি হৈ সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত সাপেখাতীৰ চটিয়নাগুৰিৰ তুলন গগৈ আৰু গীতাঞ্জলি গগৈৰ আঢ়ৈ বছৰীয়া কন্যা ৰাজশ্ৰী গগৈ ৷
বিগত কিছুদিন ধৰি কণমানি ৰাজশ্ৰী গগৈ আক্ৰান্ত হৈ আছে তেজৰ কৰ্কট ৰোগ(Blood Cancer)ত ৷ আৰ্থিক সংকটত ভুগিছে এতিয়া ৰাজশ্ৰীৰ পৰিয়াল ৷ কিয়নো এই ৰোগৰ চিকিৎসাৰ অতি ব্যয় বহুল ৷
বৰ্তমান গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ ইন্সষ্টিটিউট(B Barua Cancer Institute) ত চিকিৎসাধীন হৈ আছে আঢ়ৈ বছৰীয়া ৰাজশ্ৰী ৷
ৰাজশ্ৰীৰ মোমায়েকে জনোৱা মতে, প্ৰথমে ৰাজশ্ৰীক চিকিৎসাৰ বাবে নিয়া হৈছিল ডিব্ৰুগড় মেডিকেললৈ ৷ কিন্তু ডিব্ৰুগড় মেডিকেলৰ পৰা ৰাজশ্ৰীক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ ইন্সষ্টিটিউটত ভৰ্তি কৰোৱা হয় ৷ ৰাজশ্ৰীৰ উন্নত চিকিৎসাৰ বাবে এই দৰিদ্ৰ পৰিয়ালটোৰ হাতত নাই পৰ্যাপ্ত ধন ৷
ফলত চিন্তিত হৈ পৰিছে কণমানি জনীৰ পিতৃ-মাতৃ তথা পৰিয়ালৰ লোক ৷ যাৰ ফলত চৰকাৰ তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু সোণাৰি বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু অসমবাসীৰ সহায় বিচাৰিছে এই দুৰ্ভগীয়া পৰিয়ালটোৱে ৷ সবিশেষ তথ্য বিচাৰিলে বা সহায় কৰিব বিচাৰিলে শিশুটিৰ পিতৃ তুলন গগৈৰ সৈতে ৯৩৬৫৪৯৯৭০৭ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে কণমানি ৰাজশ্ৰীৰ পৰিয়ালে ৷
লগতে পঢ়ক: গণ সংক্ৰমণৰ বাবে অৰ্ধ সামৰিক বাহিনীৰ দায়িত্বত যোৰহাট