গুৱাহাটী,18 জুলাইঃ বৃহস্পতিবাৰে নিয়াৰ আদালতত হাজিৰ কৰোৱা হয় গোচৰটোৰ সাতজন অভিযুক্তক ৷ আদালতে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে অভিযুক্ত বিজয় অসম , জাহ্নৱী শইকীয়া, প্ৰাণময় ৰাজগুৰু, সঞ্জীৱ তালুকদাৰ, চিন্ময় লহকৰ, অমৃত বল্লভ গোস্বামী আৰু প্ৰকাশ ৰাজকোঁৱৰক ৷
ইপিনে আদালত চৌহদত অভিযুক্ত প্ৰাণময় ৰাজগুৰু আৰু অমৃত বল্লভ গোস্বামীয়ে দাবী কৰিলে নিজৰ নিৰ্দোষিতা ৷
অৱশ্যে মুখ খুলিব নিবিচাৰিলে আন এগৰাকী অভিযুক্ত জাহ্নৱী শইকীয়াই ৷ উল্লেখ্য যে অহা 2 আগষ্টত পুনৰ নিয়াৰ আদালতত হাজিৰ কৰোৱা হ'ব আটাইকেইজন অভিযুক্তক ৷