গুৱাহাটী, ১৩ মাৰ্চঃ বিজেপিত যোগদান কৰিবলৈ ওলোৱা বুলি চৰ্চালৈ অহা প্ৰাক্তন কংগ্ৰেছী সাংসদ কিৰিপ চলিহাই ETV Bharatৰ আগত দিলে নিজৰ স্পষ্টীকৰণ ৷ বুধবাৰে গুৱাহাটীত স্থানীয় সাংবাদিক আছৰাৰ আনছাৰীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে গুৱাহাটীৰ প্ৰাক্তন সাংসদগৰাকীয়ে ।
ইটিভি ভাৰত অসমৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বিজেপিত যোগদান কৰিব বুলি ওলোৱা খবৰক নস্যাৎ কৰি প্ৰাক্তন সাংসদজনে কয়- ‘মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা নাই,এইবোৰ খবৰ কোনে উলিয়াইছে মই নাজানো ।’ অৱশ্যে অসম গণ পৰিষদৰ নেতৃত্বই তেঁওক এবাৰ দলটোত যোগদান কৰিবলৈ প্ৰস্তাৱ দিছিল বুলি প্ৰকাশ কৰে । আনহাতে অগপ নেতৃত্বৰ প্ৰতি ৰাইজৰ মোহভংগ হোৱা বুলি উল্লেখ কৰি অসমত এক নতুন শক্তিশালী আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰয়োজন আছে বুলি কয় । ইয়াৰ বাবে অসমত বাস কৰা বিহাৰী, মাৰোৱাৰী, বঙালী, আদিবাসী আদি সকলো শ্ৰেণীৰ অসমীয়া লোকক সামৰি লৈ দলটো গঠন কৰিলেহে ৰাইজৰ আস্থা লাভ কৰিবলৈ সক্ষম হ'ব ।
ইফালে কংগ্ৰেছ দলৰ নেতৃত্বৰ প্ৰতি ক্ষোভ ব্যক্ত কৰি বৰ্তমানে অসম প্ৰদেশ কংগ্ৰেছ কমিটিত সভা-সমিতিত তেঁওৰ দৰে নেতাৰ আদৰ নাই বুলি কয় সাংসদগৰাকীয়ে । দলটোৰ সভাপতি ৰিপুণ বৰাৰ লগতে কংগ্ৰেছী নেতা ৰকিবুল হুছেইনক পৰোক্ষভাৱে সমালোচনা কৰি এতিয়া তিহাৰ জেলৰ পৰা ডিগ্ৰী লৈ অহা লোকসকলেহে দলটো চলাই আছে বুলি তীৰ্যক মন্তব্য কৰে সাংসদগৰাকীয়ে । অৱশ্যে দলত্যাগৰ দৰে সিদ্ধান্ত সন্দৰ্ভত কোনোধৰণৰ মন্তব্য নকৰিলেও যদিহে নতুন দলত যোগদান কৰে তেতিয়াহ'লে আঞ্চলিক ৰাজনৈতিক দলতেই যোগদান কৰিব বুলি কয় সাংসদগৰাকীয়ে ।