গুৱাহাটী, 26 মাৰ্চঃসংবিধানৰ দফা 77(1)ৰ ব্যক্তি প্ৰতিনিধিত্ব অধিনিয়ম, 1951 ৰজৰিয়তে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে অসমত নিৰ্বাচনী প্ৰচাৰ চলাব লগা ভাৰতীয় জাতীয় কংগ্ৰেছৰ মূখ্য নেতাসকলৰ নামৰ এখন তালিকা প্ৰকাশ পাইছে ৷ সেই তালিকা অনুসৰি এই সকল মুখ্য প্ৰচাৰকে অসমৰ বিভিন্ন স্থানত প্ৰচাৰ অভিযান আৰম্ভ কৰিব ৷
প্ৰচাৰক সকলৰ ভিতৰত আছে জাতীয় কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী, ছোনিয়া গান্ধী, মনমোহন সিং, প্ৰিয়ংকা গান্ধী ভড্ৰা, গোলাব নবী আজাদ, হৰিশ ৰাৱট, তৰুণ গগৈ, দেৱব্ৰত শইকীয়া ইত্যাদি ৷