ETV Bharat / state

প্ৰদ্যুৎ বৰদলৈ ৰত্নাকৰৰ পৰা বাল্মীকি হ'বলৈ ওলাইছেঃ ৰূপম গোস্বামী

প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা নগাঁও লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ প্ৰদ্যুৎ বৰদলৈ ৰত্নাকৰৰ পৰা বাল্মীকি হ'বলৈ ওলাইছে । প্ৰদ্যুৎ বৰদলৈক আক্ৰমণ কৰি এই মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে ।

author img

By

Published : Jun 26, 2019, 8:55 PM IST

ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ সংবাদমেল

গুৱাহাটী, 26 জুনঃ নগাঁও লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ প্ৰদ্যুৎ বৰদলৈক এক সংবাদমেলত তীব্ৰ আক্ৰমণ কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে । উজনি অসমৰ তিনিচুকীয়া জিলাত চলি থকা কয়লা ছিণ্ডিকেট মুখ্যমন্ত্ৰীৰ কার্যালয়ৰ পৰা চলি থকা আৰু নিয়ন্ত্ৰিত হৈ থকা বুলি কৰা অভিযোগৰ বিৰোধিতাৰে সম্বোধন কৰে এই সংবাদমেল ৷ গোস্বামীয়ে প্ৰদ্যুৎ বৰদলৈক আক্ৰমণ কৰি কয় যে কংগ্ৰেছৰ নগাঁও লোকসভা সমষ্টিৰ সাংসদ গৰাকী এতিয়া ৰত্নাকৰৰ পৰা বাল্মীকি হ'বলৈ ওলাইছে । প্ৰদ্যুৎ বৰদলৈৰ চকু এতিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ আসনত গতিকে তেওঁ দৃষ্টি আকৰ্ষণ কৰিবলৈ কয়লা ছিণ্ডিকেটৰ লগত মুখ্যমন্ত্ৰীৰ কার্যলায়ক সাঙুৰিবৰ চেষ্টা চলাইছে । লগতে কংগ্ৰেছ চৰকাৰৰ দিনত মন্ত্ৰী হৈ থকা প্ৰদ্যুৎ বৰদলৈৰ সময়তহে কয়লা ছিণ্ডিকেট চলিছিল বুলি অভিযোগ উত্থাপন কৰে ৰূপম গোস্বামীয়ে ৷

ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ সংবাদমেল

উল্লেখ্য যে, প্ৰদ্যুৎ বৰদলৈয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কয়লা ছিণ্ডিকেট নিয়ন্ত্ৰিত হৈ থকাৰ অভিযোগ উত্থাপনৰ পিছতে মঙলবাৰে ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এক সংবাদমেল অনুষ্ঠিত কৰি কৈছিল যে অসম চৰকাৰে অতি শীঘ্ৰে ছিণ্ডিকেটৰ পুনৰ তদন্ত কৰাৰ বাবে চি বি আইক অনুৰোধ জনাব ।

আৰু পঢ়কঃ বনমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ এ আই ইউ ডিএফৰ বিধায়কৰ

Intro:ৰাজ্যৰ কংগ্ৰেছ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা নগাঁও লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ প্ৰদ্যুৎ বৰদলৈ ৰত্নাকৰৰ পৰা বাল্মীকি হ'বলৈ ওলাইছে। প্ৰদ্যুৎ বৰদলৈক আক্ৰমণ কৰি এই মন্তব্য প্ৰকাশ কৰিলে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে।

Body:উজনি অসমৰ তিনিচুকীয়া জিলাত চলি থকা কয়লা ছিণ্ডিকেট মুখ্যমন্ত্ৰীৰ কার্যলয়ৰ পৰা চলি থকা আৰু নিয়ন্ত্ৰিত হৈ থকা বুলি অভিযোগ উত্থাপন কৰা নগাঁও লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ প্ৰদ্যুৎ বৰদলৈক আজি এক সংবাদমেলত তীব্ৰ আক্ৰমণ কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে। গোস্বামীয়ে প্ৰদ্যুৎ বৰদলৈক আক্ৰমণ কৰি কয় যে কংগ্ৰেছৰ নগাঁও লোকসভা সমষ্টিৰ সাংসদ গৰাকী এতিয়া ৰত্নাকৰৰ পৰা বাল্মীকি হ'বলৈ ওলাইছে। প্ৰদ্যুৎ বৰদলৈৰ চকু এতিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ আসনত গতিকে তেওঁ দৃষ্টি আকৰ্ষণ কৰিবলৈ এতিয়া কয়লা ছিণ্ডিকেটৰ লগত মুখ্যমন্ত্ৰীৰ কার্যলায়ক সাঙুৰিবৰ চেষ্টা চলাইছে। কংগ্ৰেছ চৰকাৰৰ দিনত মন্ত্ৰী হৈ থকা প্ৰদ্যুৎ বৰদলৈৰ সময়তে কয়লা ছিণ্ডিকেট চলিছিল। বিজেপি চৰকাৰৰ দিনত কোনো ধৰণৰ ছিণ্ডিকেট নাই আৰু প্ৰদ্যুৎ বৰদলৈয়ে নিজৰ লাভৰ বাবে এইদৰে বিজেপি চৰকাৰখনক কয়লা ছিণ্ডিকেটৰ লগত সাঙুৰিবলৈ চেষ্টা চলাইছে।

বাইট : ৰূপম গোস্বামী, ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ

Conclusion:প্ৰদ্যুৎ বৰদলৈয়ে মুখ্যমন্ত্ৰী কাৰ্যকায়ৰ পৰা কয়লা ছিণ্ডিকেট নিয়ন্ত্ৰিত হৈ থকাৰ অভিযোগ উত্থাপন পিছতে যোৱা কালি ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এক সংবাদমেল অনুষ্ঠিত কৰি কৈছিল যে অসম চৰকাৰে অতি শীঘ্ৰে ছিণ্ডিকেটৰ পুনৰ তদন্ত কৰাৰ বাবে চি বি আইক অনুৰোধ জনাব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.