কামৰূপ, ২০ মে': বদৰপুৰ ৰে'লৱে হায়াৰ চেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ অনিল চন্দ্ৰ বৰ্মন বিৰুদ্ধে মিছা অভিযোগেৰে মানসিকভাৱে হাৰাশাস্তি কৰি থকা নন্দ শইকীয়াক গ্ৰেপ্তাৰ আৰক্ষীৰ । অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি চাকৰি লোৱাৰ অভিযোগ তুলি শিক্ষকগৰাকীক দীৰ্ঘদিন ধৰি হাৰাশাস্তি কৰি আহিছিল লোকজনে । বাৰে বাৰে জাপি থকা এনেদৰে অভিযোগৰ বাবে অশ্বস্তিত পৰি অৱশেষত শিক্ষকগৰাকীয়ে জালুকবাৰীৰ আৰক্ষী চকীত নন্দ শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । অনিল চন্দ্ৰ বৰ্মনৰ এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে সোমবাৰে লোকজনক আটক কৰে । সম্প্ৰতি, ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
অধ্যক্ষ গৰাকীৰ স্বীকাৰোক্তি এগৰাকী সাধাৰণ জাতিৰ লোক হিচাপে সাধাৰণ জাতিৰ প্ৰমাণ পত্ৰৰেই চাকৰিত যোগদান কৰিছিল তেওঁ । লগতে, চাকৰিত পদোন্নতিও লাভ কৰিছিল সাধাৰণ জাতিৰ ভিত্তিতেই । উল্লেখযোগ্য যে, ডিমাপুৰত কৰ্মৰত থকাৰ সময়তো শিক্ষকগৰাকী অনুসূচিত জাতিৰ হয় নে নহয় সেই সন্দৰ্ভত আৰটিআই কৰিছিল সুব্ৰত দাস নামৰ এগৰাকী লোকে । সেই সন্দৰ্ভত প্ৰত্যোত্তৰ দিয়াৰ পাচতো পুনৰ অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি চাকৰি লাভ কৰাৰ অভিযোগ তুলি আহিছিল আন কেইগৰাকীমান লোকে ।