ETV Bharat / state

মেঘালয় চৰকাৰলৈ 100 কোটিৰ জৰিমনা ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ

author img

By

Published : Jul 4, 2019, 6:18 PM IST

মেঘালয়ৰ পূব জয়ন্তীয়া জিলাৰ লুমঠাৰী গাঁৱৰ 370 ফুট দ' এক অবৈধ কয়লা খননস্থলীত বিগত বৰ্ষৰ ডিচেম্বৰ মাহত আৱদ্ধ হৈ পৰিছিল প্ৰায় 15 গৰাকী শ্ৰমিক ৷ খননস্থলীত আৱদ্ধ হৈ পৰা শ্ৰমিকসকলক উদ্ধাৰ কাৰ্যত নামি পৰিছিল ওড়িশা চৰকাৰৰ জৰুৰীকালীন আৰু অগ্নিনিৰ্বাপক বাহিনীৰ এটি উদ্ধাৰকাৰী দলৰ লগতে এন ডি আৰ এফ আৰু ভাৰতীয় নৌ-সেনাৰ এটি ডুবাৰুৰ দল ৷ এমাহযোৰা এই উদ্ধাৰকাৰ্য সম্পূৰ্ণৰূপে বিফল হৈ পৰিছিল আৰু আটাইকেইগৰাকী শ্ৰমিকৰে মৃত্যু ঘটিছিল ৷

মেঘালয় চৰকাৰক 100 কোটিৰ জৰিমনা ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ

নিউজ ডেস্ক,4 জুলাইঃ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে শুকুৰবাৰে মেঘালয় ৰাজ্য চৰকাৰক এশ কোটি টকাৰ জৰিমনা বিহিছে ৷ ৰাজ্যখনত অব্যাহত থকা অবৈধ কয়লা খনন বন্ধ কৰাত বিফল হোৱাৰ বাবেই এইদৰে ৰাজ্য চৰকাৰখন বৃহৎ পৰিমাণৰ জৰিমনা বিহিছে কেন্দ্ৰীয় সংস্থাটোৱে ৷ উল্লেখ্য যে,ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ অধ্যক্ষ এ কে গোৱেলৰ ওচৰত চলিত বৰ্ষৰ জানুৱাৰী মাহৰ দুই তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত অধিবক্তা বি পি কাকতিৰ দ্বাৰা গঠিত তিনিজনীয়া এক উচ্চ পৰ্যায়ৰ কমিটিয়ে মেঘালয়ৰ অবৈধ খনন কাৰ্যৰ ওপৰত এক বিশদ প্ৰতিবেদন দাখিল কৰিছিল ৷ মেঘালয়ত প্ৰায় 24,000 খননস্থলী আছে আৰু ইয়াৰ অধিকাংশ খননস্থলীয়ে কোনোধৰণৰ উপযুক্ত নথি-পত্ৰ অবিহনে অবৈধৰূপে চলি থকাৰ লগতে কোনোধৰণৰ পৰিৱেশ সুৰক্ষাজনিত কাৰকৰ ওপৰত প্ৰতিষ্ঠিত নাছিল বুলি প্ৰতিবেদনখনত উল্লেখ কৰিছিল ৷

EtvBharatAssam

ইতিপূৰ্বে 2014 চনৰ 17 এপ্ৰিলৰ পৰাই ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে মেঘালয়ৰ অবৈধ কয়লা খননস্থলীৰ ওপৰত বাধা আৰোপ কৰি থৈছিল যদিও ৰাজ্যখনত অব্যাহত আছে অবৈধ কয়লা খনন ৷ 2018 বৰ্ষৰ আগষ্ট মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত অধিবক্তা বি পি কাকতিক লৈ তিনিজনীয়া এক কমিটি গঠন কৰি মেঘালয়ত চলি থকা অবৈধ কয়লা খননৰ বিষয়ে যাৱতীয় অনুসন্ধান কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে ৷ পৰৱৰ্তী সময়ত চলিত বৰ্ষৰ জানুৱাৰী মাহৰ দুই তাৰিখে কমিটিখনে কয়লা খনন বন্ধ কৰিবলৈ দিয়া এক জাননীকে ধৰি ৰাজ্যখনৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ তথ্যৰ ভিত্তিত এক প্ৰতিবেদন দাখিল কৰিছিল ৷ উক্ত প্ৰতিবেদনৰ আঁত ধৰিয়ে সমগ্ৰ বিষয়টোৰ শুনানি কৰা হৈছিল আৰু মেঘালয় চৰকাৰক এইদৰে বৃহৎ পৰিমাণৰ জৰিমনা বিহা হয় ৷ গোচৰৰ শুনানিৰ সময়ত মেঘালয় ৰাজ্য চৰকাৰে ৰাজ্যখনত বহুটো কয়লা খননস্থলী অবৈধভাৱে চলি আছে বুলি সদৰী কৰিছিল ৷

জ্যেষ্ঠ অধিবক্তা ৰাজ পাঞ্জাৱানীয়ে ৰাজ্য চৰকাৰখনৰ ওপৰত জাৰী কৰা জৰিমনাৰ সকলো ধন দুই মাহৰ ভিতৰতে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ ওচৰত জমা কৰিবলৈ নিৰ্দেশনা জাৰী কৰিছে ৷ বিচাৰপীঠে জৰিমনাৰ সকলো ধন ৰাজ্যখনত চলি থকা অবৈধ খননস্থলীৰ মালিক আৰু ৰাজ্য চৰকাৰৰ যিসকল বিষয়া ইয়াৰ লগত জড়িত তেওঁলোকৰ পৰাই সংগ্ৰহ কৰিবলৈও নিৰ্দেশনাটোত স্পষ্টৰূপে জনাইছে ৷

Intro:Body:

https://www.indiatoday.in/india/story/ngt-imposes-rs-100-crore-fine-on-meghalaya-govt-for-failing-to-curb-illegal-mining-1423888-2019-01-05

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.