মহানগৰীত পদপথ নিৰ্মাণত দুৰ্নীতি! - গড় কাপ্তানি বিভাগ
গণেশগুৰিৰ পৰা উলুবাৰী উৰণীয়া সেঁতুলৈ নিৰ্মাণ কৰা অত্যাধুনিক পদপথ আৰু ডিভাইডাৰক নতুন ৰূপ দিয়াৰ প্ৰচেষ্টা ৷ বিভাগে দিয়া নিৰ্দেশমৰ্মেই কাম কৰি আছে বুলি উল্লেখ কৰ্মচাৰীৰ
গুৱাহাটী,27 জুনঃ মহানগৰীত পদপথ নিৰ্মাণত গড়কাপ্তানী বিভাগৰ ব্যাপক হেমাহিৰ অভিযোগ। টাইল্ছ আৰু লোহাৰ গ্ৰীল লগাই পুৰণি পদপথৰ ঠাইত নতুন পদপথ নিৰ্মাণ কৰাৰ অভিযোগ উঠিছে বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে। গণেশগুৰিৰ পৰা উলুবাৰীৰ উৰণীয়া সেঁতু লৈ ৪৭ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছে অত্যাধুনিক পদপথ আৰু ডিভাইডাৰ। পদপথত লোহাৰ গ্ৰীল লগাই পুৰণি পদপথৰ ঠাইত নতুন ৰূপ দিয়াৰ ব্যৱস্থাত এজন কৰ্মচাৰীয়ে কয় যে তেওঁলোকক বিভাগে দিয়া নিৰ্দেশমৰ্মেই কাম কৰি আছে।
গণেশগুৰিৰ পৰা উলুবাৰী উৰণীয়া সেঁতুলৈ অত্যাধুনিক পদপথৰ নামত ৩৫ কোটি আৰু ডিভাইডাৰৰ নামত ১২ কোটি টকা ব্যয় কৰা হৈছে যদিও অত্যাধুনিক পদপথ আৰু ডিভাইডাৰ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি চলাৰ অভিযোগ উঠিছে।পদপথৰ ওপৰৰ অংশ সম্পূৰ্ণৰূপে ভাঙি নতুনকৈ নিৰ্মাণ কৰিব লাগিছিল কিন্তু কোম্পানীয়ে গড়কাপ্তানী বিভাগক চকুত ধূলি দি পুৰণি পদপথক অত্যাধুনিক ৰূপ দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে । আনহাতে অত্যাধুনিক পদপথত লোহাৰ গ্ৰীল লগোৱা দেখা গৈছে যদিও ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছে।
মহানগৰীত পদপথ নিৰ্মাণত ব্যপক দুৰ্নীতি: পুৰণি পদপথত লোহাৰ গ্ৰীল লগাই নতুন ৰূপ দিয়াৰ চেষ্টা
Body:মহানগৰীত পদপথ নিৰ্মাণত দেখা গৈছ গড় কাপ্তানী বিভাগৰ ব্যাপক হেমাহি। তাইল্ছ আৰু লোহাৰ গ্ৰীল লগাই পুৰণি পদপথৰ ঠাইত নতুন পদপথ কোটি কৌটি টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা হৈছে । গণেশগুৰিৰ পৰা উলুবাৰী উৰণীয়া সেতু লৈ ৪৭ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছে অত্যাধুনিক পদপথ আৰু ডিভাইডাৰ। পদপথত লোহাৰ গ্ৰীল লগাই পুৰণি পদপথৰ ঠাইত নতুন ৰূপ দিয়াৰ ব্যৱস্থাত এজন কৰ্মচাৰীয়ে কয় যে তেওঁলোকক বিয়াগোম বিভাগে দিয়া নিৰ্দেশমৰ্মে তেওঁলোকে কাম কৰি আছে।
Byte 1.2 and 3
Conclusion:গণেশগুৰিৰ পৰা উলুবাৰী উৰণীয়া সেতু লৈ অত্যাধুনিক পদপথ নামৰ ৩৫ কোটি আৰু ডিভাইডাৰৰ নামত ১২ কোটি টকা ব্যয় কৰা হৈছে যদিও অত্যাধুনিক পদপথ আৰু ডিভাইডাৰ নিৰ্মানৰ নামত চলিছে দুৰ্নীতি। পদপথৰ ওপৰৰ অংশ সম্পূৰ্ণৰূপে ভাঙি নতুন কৈ নিৰ্মান কৰিব লাগিছিল কিন্তু অত্যাধুনিক পদপথ আৰু ডিভাইডাৰ নিৰ্মানৰ ঠিকা আবন্টনৰ পৰা কোম্পানীয়ে গড়কাপ্তানী বিভাগক চকুত ধূলি দি পুৰণ পদপথক অত্যাধুনিক ৰূপ দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে। আনহাতে অত্যাধুনিক পদপথত লোহাৰ গ্ৰীল লগোৱা দেখা গৈছে যদিও ব্যাপক দুৰ্নীতি। নিয়ম অনুসৰি পদপথত একেলগে ৬ টাকৈ লোহাৰ গ্ৰীল লগোৱা পিছত এটা লোহাৰ গ্ৰীল ঠাই এৰি পুনঃ ৬ টাকৈ লোহাৰ গ্ৰীল লগাব লাগিছিল কিন্তু নিয়ম উলংঘন কৰি দোকানীৰ সুবিধাৰ্থে লোহাৰ গ্ৰীল লগোৱা হৈছে।
Asrar Ansari গুৱাহাটী