ETV Bharat / state

ব্ৰহ্মপুত্ৰত শিহৰণকাৰী দৃশ্যঃ থাৰ্ম'কলৰ টুলুঙা নাৱত উঠি কি বিচাৰিছে কণমানি শিশুৱে

author img

By

Published : Mar 11, 2019, 3:26 PM IST

মহাবাহুৰ ওপৰত থকা শৰাইঘাট দলঙৰ তলত চলি থকা জীৱন যুদ্ধৰ শিহৰণকাৰী ছবি ৷ অন্ধবিশ্বাস আৰু ভক্তিৰ ওপৰত চলি থকা এইখন জীৱন যুদ্ধৰ কাহিনীত আছে কেইটিমান কণ কণ শিশু ৷ আপোনাৰ মোৰ দৰেই সাধাৰণ যাত্ৰীসকলৰ ভক্তিৰ ভাৰ এইদৰে সাধাৰণ থাৰ্মকলৰ ওপৰেদি গৈ কঢ়িয়াই আনে এইসকল কণ কণ শিশুৱে ৷

জীৱনৰ ৰণত কণ কণ শিশু

শৰাইঘাট, ১১ মাৰ্চঃ শৰাইঘাটৰ তলৰ এখন জীৱন যুদ্ধ ৷ এই যুদ্ধত মোগলৰ ঢাল-তৰোৱালৰ বিৰুদ্ধে নহয়, কঠিন জীৱনৰ জীয়া বাস্তৱৰ বিৰুদ্ধে চলি থকা এইখন আন এক শৰাইঘাটৰ ৰণ ৷

জীৱনৰ ৰণত কণ কণ শিশু

শৰাইঘাট দলঙৰ তলত আপুনি দেখাৰ দৰে এয়া কোনো দুঃসাহসিক ক্ৰীড়াৰ দৃশ্য নহয়; এয়া হৈছে জীৱন যুদ্ধৰ এখন প্ৰত্যাশিত ছবি ৷ মহাবাহুৰ ওপৰত থকা শৰাইঘাট দলঙৰ তলত চলি থকা জীৱন যুদ্ধৰ দ্বিতীয় অথচ নেদেখা ছবি ৷

অন্ধবিশ্বাস আৰু ভক্তিৰ ওপৰত চলি থকা এইখন জীৱন যুদ্ধৰ কাহিনীত আছে কেইটিমান কণ কণ শিশু ৷ আপোনাৰ মোৰ দৰেই সাধাৰণ যাত্ৰীসকলৰ ভক্তিৰ ভাৰ এইদৰে সাধাৰণ থাৰ্মকলৰ ওপৰেদি গৈ কঢ়িয়াই আনে এইসকল কণ কণ শিশুৱে ৷

শৰাইঘাটৰ ওপৰেদি পাৰ হৈ যোৱা যাত্ৰীসকলে ব্ৰহ্মপুত্ৰ নদীলৈ পেলাই দিয়া কেইটিমান খুচুৰা পইচাতে আৱদ্ধ হৈ থাকে এইসকল শিশুৰ জীৱনৰ মায়া ৷ পখিলা খেদাৰ সময়ত কোনো শিক্ষাকে ধৰি তেনে কোনো চৰকাৰী আঁচনিয়ে ঢুকি নাপায় এঁওলোকক ৷ সাধাৰণ থাৰ্মকলৰ ওপৰত নিৰ্ভৰ কৰিয়ে কেইটুকুৰামান চুম্বক লৈ ব্ৰহ্মপুত্ৰৰ বুকুত এইদৰে চলে এইসকল শিশুৰ জীৱনৰ অন্বেষণ ৷ এঁওলোকৰ বহুতেই বিদ্যালয়লৈ যায় যদিও কোনোবাখিনিত ৰৈ গৈছে সিঁহতৰ জীৱন ৷ চৰকাৰৰ বিয়াগোম আঁচনিয়ে ঢুকি নোপোৱাকৈ এইদৰে শৰাইঘাটৰ তলত চলি থাকে এইসকল শিশুৰ আন এক জীৱন যুদ্ধ ৷

SLUG= AMINGAON COINS ABHIJAN*

👉🏼শৰাইঘাট দলঙৰ তলত শিশুৰ শিহৰণকাৰী অভিযান 
👉🏼খুচুৰা পইচা বিচাৰি অভিযান শিশুৰ ।
👉🏼থাৰ্মকলৰ নাও সাজি শিশুৰ শাসৰুদ্ধ অভিযান ।
👉🏼বাছ - ৰেলযাত্ৰীয়ে নদীত দলিয়াই দিয়া খুচুৰা পইচা চুম্বকৰে উদ্ধাৰ কৰে শিশুৱে ।

SCRIPT= শৰাইঘাট দলঙেৰে নিতৌ পাৰ হৈ যায় বহু যান-বাহন । সমান্তৰালভাৱে উকী মাৰি পাৰ হৈ যায় কেইবাখনো ৰে'ল । সেই ৰে'ল বাছতে থাকে  দুৰ -দুৰনিৰ হাজাৰ হাজাৰ যাত্ৰী । যাত্ৰী বিলাকৰ একাংশৰ বিশ্বাস মহাবাহুত খুচুৰা পইচা দলিয়াই সেৱা কৰিলে পূৰ্ণ হয় তেওঁলোকৰ মনোবাঞ্চা । মহাবাহুই  যাত্ৰা শুভ কৰে তেওলোকৰ । এনে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ মহাবাহুত নিতৌ দলিয়াই দিয়া হয় শ শ খুচুৰা পইচা । আৰু এই খুচুৰা পইচাৰ সন্ধানত মহাবাহুৰ বুকুত শিহৰণকাৰী অভিযান চলাই শিশুৱে । আপুনি মই মহাবাহুত দলিয়াই দিয়া খচুৰা পইচা বিচাৰি আমিনগাঁৱৰ ২৬ নং আৰু ২৭ নং কলনীৰ বস্তি এলেকাৰ একাংশ শিশুয়ে নিতৌ মহাবাহুত চলায় এনে শিহৰনকাৰী অভিযান । এফালে অন্ধবিশ্বাস আনফালে জীয়াই থকাৰ সংগ্ৰাম । যিটো সময়ত একাংশ শিশুৱে বিদ্যালয়ত শিক্ষা আহৰণত ব্যস্ত থাকে সেই একে সময়তে শৰাইঘাটৰ দলঙৰ তলত চলে শিশুৰ শিহৰণকাৰী অভিযান । চৰকাৰী কোনো আচনিয়ে সামৰি ল'ৱ পৰা নাই এনেবোৰ শিশুক ।প্ৰত্যক্ষ কৰক নৈৰ বুকুত শিশুৰ শাসৰুদ্ধ অভিযানৰ দৃশ্য । ইফালে ,সাংবাদিকৰ কেমেৰা দেখি নৈৰ পাৰৰ পৰা  মাৰথন দৌৰ শিশুৰ । যেন আৰক্ষীৰ দায়িত্ব পালন কৰিলে সাংবাদিকে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.