ETV Bharat / state

কামাখ্যা ধামত অগণন ভক্তৰ সমাগমঃ বৈঠকত মিলিত আৰক্ষী প্ৰশাসন - গুৱাহাটী

বৃহস্পতিবাৰে কামাখ্যা ধামত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় আৰক্ষীৰ শীৰ্ষ বিষয়াসকল । অম্বুবাচী মেলাৰ সময়চোৱাত যাতে কোনো অঘটন সংঘটিত নহয় তাৰ বাবে সকলোকে সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিছে প্ৰশাসনে

কামাখ্যা ধামত অগণন ভক্তৰ সমাগমঃ বৈঠকত মিলিত আৰক্ষী প্ৰশাসন
author img

By

Published : Jun 20, 2019, 8:50 PM IST

গুৱাহাটী, 20 জুনঃ মহা অম্বুবাচীলৈ মাজত মাথো কেইটামান ঘন্টা বাকী । নীলাচলত নিৰাপত্তাৰ ক্ষেত্ৰত সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন । বৃহস্পতিবাৰে কামাখ্যা ধামত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় আৰক্ষীৰ শীৰ্ষ বিষয়াসকল । মেলাৰ সময়চোৱাত যাতে কোনো অঘটন সংঘটিত নহয় তাৰ বাবে সকলোকে সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিছে প্ৰশাসনে ৷ আৰক্ষীৰ এই বৈঠকত উপস্থিত থাকে আৰক্ষী আয়ুক্ত দীপক কুমাৰ, যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়, যানবাহন শাখাৰ পৰিদৰ্শক প্ৰশান্ত শইকীয়াকে প্ৰমুখ্য কৰি আৰক্ষীৰ সকলো বিভাগৰ শীৰ্ষ বিষয়াসকল । বুধবাৰে কামাখ্যাধামত সংঘটিত ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে এনেদৰেই জৰুৰী বৈঠকত মিলিত হয় আৰক্ষীৰ শীৰ্ষ বিষয়াসকল ।

কামাখ্যা ধামত অগণন ভক্তৰ সমাগমঃ বৈঠকত মিলিত আৰক্ষী প্ৰশাসন

উল্লেখ্য যে, অম্বুবাচী উপলক্ষে ইতিমধ্যেই অগণন ভক্তৰ সমাগম ঘটিছে মা কামাখ্যা ধামত আৰু বিভিন্ন বেশ-ভূষাৰ বাবাসকলো আহি উপস্থিত হৈছে কামাখ্যা মন্দিৰত । পুৰুষ মহিলাৰ বাবে বেলেগ শাৰীৰ ব্যৱস্থা কৰাৰ লগতে স্থাপন কৰা হৈছে মেটেল ডিটেক্টৰ । তাৰোপৰি ভক্তৰ সুবিধাৰ বাবে ঠায়ে ঠায়ে পানী যোগান, তথ্য সংগ্ৰহৰ কেন্দ্ৰও স্থাপন কৰা হৈছে । মুঠৰ ওপৰত অম্বুবাচী মেলাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আৰক্ষী, প্ৰশাসনৰ লগতে মন্দিৰ পৰিচালনা সমিতিয়ে ।

লগতে পঢ়কঃ কামাখ্যা ধামত উদ্ধাৰ মুণ্ডহীন মৃতদেহঃ হত্যাকাণ্ড নে নৰবলি !!

Intro:মহা অম্বুবাচীলৈ মাজত মাথো কেইটামান ঘন্টা বাকী। নীলাচলত নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ক্ৰুটি এৰিব বিচৰা নাই আৰক্ষী প্ৰশাসনে। বৃহস্পতিবাৰে কামাখ্যা ধামত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় আৰক্ষীৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল। আৰক্ষীৰ বিভিন্ন বিভাগক নিজৰ নিজৰ দায়িত্ব ভগাই দিয়া হয়। এই মেলাৰ সময়চোৱাত যাতে কোনো অঘটন সংঘটিত নহয় তাৰ বাবে সকলোকে সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিয়া হয়।

Body:এই বৈঠকত উপস্থিত থাকে আৰক্ষী আয়ুক্ত দীপক কুমাৰ, যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়, যানবাহন শাখাৰ DCP প্ৰশান্ত শইকীয়াকে প্ৰমুখ্য কৰি আৰক্ষীৰ সকলো বিভাগৰ শীৰ্ষ বিষয়াসকল। মুঠৰ ওপৰত বুধবাৰে সংঘটিত ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে এনেদৰেই জুৰুৰী বৈঠকত বহে আৰক্ষী শীৰ্ষ বিষয়াসকল।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.