গুৱাহাটী, 21 মাৰ্চঃ ৰঙৰ উৎসৱত মতলীয়া হৈ গুৱাহাটীবাসীয়ে উদযাপন কৰিলে হোলী ৷ মহানগৰীৰ বিভিন্ন স্থানত স্থানীয় লোকসকলৰ লগতে বিভিন্নজনে উলাহেৰে উদযাপন কৰিলে হোলী ৷
মহানগৰীৰ ৰাজগড় কমাৰ্চ পইন্টত উলুবাৰী, শিলপুখুৰী আৰু মহানগৰীৰ বিভিন্ন স্থানৰ পৰা অহা যুৱচামে একেলগে উদযাপন কৰিলে হোলী ৷ সমাজৰ সকলো দুখ-অন্ধকাৰ মচি আবিৰৰ ৰঙেৰে একাকাৰ হৈ হোলীৰ সময়তে এইসকল যুৱপ্ৰজন্মই সকলোৰে মংগল কামনা কৰে ৷
হোলীৰ আনন্দত এইদৰে একাকাৰ হৈ পৰা যুৱপ্ৰজন্মই ৰঙৰ উপকাৰিতা আৰু অপকাৰিতা সম্পৰ্কে আমাৰ সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷ ছালৰ বাবে অনিষ্টকাৰী ৰঙেৰে হোলী নেখেলিবলৈ অনুৰোধ জনোৱাৰ লগতে হোলীৰ সময়ত ৰাসায়নিক ৰং ব্যৱহাৰ নকৰিবলৈ অনুৰোধ জনাই যুৱপ্ৰজন্মই ৷