গুৱাহাটী, ১৪ জুলাই : হস্পিতালতে এটা শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি নিশা মহানগৰীৰ বৰিপাৰাস্থিত পাণ্ডু এফ আৰ ইউ হস্পিতালত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । চিকিৎসকৰ গাফিলতিৰ বাবেই শিশুটিৰ মৃত্যু হোৱা বুলি অভিযোগ পৰিয়ালৰ । জানিব পৰা মতে, শনিবাৰে পুৱাৰ ভাগত জন্ম হৈছিল শিশুটিৰ কিন্তু জন্মৰ পিছতেই অসুস্থ হৈ পৰিছিল শিশুটো । তাৰ পাছতেই চিকিৎসালয়খনত পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা নথকাৰ বাবে শিশুটিক অন্য হস্পিতাললৈ নিয়াৰ পৰামৰ্শ দিয়ে হস্পিতাল কৰ্তৃপক্ষই কিন্তু ইতিপূৰ্বেই শিশুটোৰ মৃত্যু হোৱা বুলি গম পাই পৰিয়ালৰ লোকে সৃষ্টি কৰে এক উত্তপ্ত পৰিস্থিতিৰ । শেষত আৰক্ষী উপস্থিত হোৱাত পৰিস্থিতিৰ সাম কাটে ।
এটি শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি নিশা উত্তপ্ত মহানগৰী - Pandu
চিকিৎসকৰ বিৰুদ্ধে দায়িত্বত গাফিলতিৰ অভিযোগ । পাণ্ডু এফ আৰ ইউ হস্পিতালত সংঘটিত হ'ল এই ঘটনা ।