ETV Bharat / state

তিনিটা পৰ্যায়ত সম্পন্ন হ’ব ৰাজ্যৰ লোকসভা নিৰ্বাচন - mp election

সৰ্বমুঠ 10 লাখ টা ভোটগ্ৰহণ কেন্দ্ৰত 90 কোটি জনতাই দিব ৰায় ৷

তিনিটা পৰ্যায়ত সম্পন্ন হ’ব ৰাজ্যৰ লোকসভা নিৰ্বাচন
author img

By

Published : Mar 10, 2019, 7:30 PM IST

10 মাৰ্চ, দিল্লীঃ আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত এক সংবাদমেল সম্বোধন কৰি বহু প্ৰতীক্ষিত লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰে মুখ্য নিৰ্বাচনী বিষয়া সুনীল আৰোৰাই। অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন । 11 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, 18 এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু 23 এপ্ৰিলত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন । প্ৰথম পৰ্যায়ত 5টা, দ্বিতীয় পৰ্যায়ত 5টা লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ সমান্তৰালভাৱে তৃতীয় পৰ্যায়ত 4টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। 11এপ্ৰিলত অনুষ্ঠিত হ’বলগা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে 18মাৰ্চত জাৰি কৰা হ’ব গেজেট নটিফিকেচন । 25মাৰ্চত দাখিল কৰিব লাগিব মনোনয়ন পত্ৰ । 26মাৰ্চত পত্ৰসমূহৰ পৰীক্ষণ সমাপ্ত কৰাৰ লগতে 28মাৰ্চলৈকে প্ৰাৰ্থীয়ে উঠাই ল’ব পাৰিব মনোনয়ন পত্ৰ ।

একেদৰে, 18এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 26মাৰ্চত মনোনয়ন পত্ৰ দাখিল কৰাৰ দিন ধাৰ্য কৰা হৈছে। 27মাৰ্চলৈকে সমাপ্ত কৰা হ’ব পৰীক্ষণ প্ৰক্ৰিয়া । 29মাৰ্চত মনোনয়ন পত্ৰ উঠাই লোৱাৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। আনহাতে, 29এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 24এপ্ৰিল মনোনয়ন পত্ৰ দাখিল কৰাৰ দিন ধাৰ্য কৰা হৈছে। 5এপ্ৰিল হৈছে পৰীক্ষণ প্ৰক্ৰিয়া সমাপ্ত কৰাৰ অন্তিম দিন । 8এপ্ৰিলৰ ভিতৰত প্ৰাৰ্থীয়ে উঠাই ল’ব পাৰিব মনোনয়ন পত্ৰ।

লক্ষণীয় যে, দেশজুৰি সৰ্বমুঠ সাতটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ফলাফল 23মে'ত ঘোষণা কৰা হ'ব । সৰ্বমুঠ 10লাখ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটদান প্ৰক্ৰিয়া। কেৱল এয়াই নহয়, নিজৰ ভোটাৰ তালিকাত নিজৰ নামসমূহৰ বিষয়ে চোৱাৰ বাবে মুকলি কৰা হৈছে ট’ল ফ্ৰী নম্বৰ 1950।

Intro:Body:

তিনিটা পৰ্যায়ত সম্পন্ন হ’ব ৰাজ্যৰ লোকসভা নিৰ্বাচন

১০ মাৰ্চ, দিল্লীঃ আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত এক সংবাদমেল সম্বোধন কৰি বহু প্ৰতীক্ষিত লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰে মুখ্য নিৰ্বাচনী বিষয়া সুনীল আৰোৰাই। 

অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন । 11 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, 18 এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু 23 এপ্ৰিলত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন । প্ৰথম পৰ্যায়ত ৫ টা,  দ্বিতীয় পৰ্যায়ত ৫ টা লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ সমান্তৰালভাৱে তৃতীয় পৰ্যায়ত ৪ টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া।

১১ এপ্ৰিলত অনুষ্ঠিত হ’বলগা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে ১৮ মাৰ্চত জাৰি কৰা হ’ব গেজেট নটিফিকেচন । ২৫ মাৰ্চত দাখিল কৰিব লাগিব মনোনয়ন পত্ৰ । ২৬ মাৰ্চত পত্ৰসমূহৰ পৰীক্ষণ সমাপ্ত কৰাৰ লগতে ২৮ মাৰ্চলৈকে প্ৰাৰ্থীয়ে উঠাই ল’ব পাৰিব মনোনয়ন পত্ৰ ।

একেদৰে, ১৮ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ২৬ মাৰ্চত মনোনয়ন পত্ৰ দাখিল কৰাৰ দিন ধাৰ্য কৰা হৈছে। ২৭ মাৰ্চলৈকে সমাপ্ত কৰা হ’ব পৰীক্ষণ প্ৰক্ৰিয়া । ২৯ মাৰ্চত  মনোনয়ন পত্ৰ উঠাই লোৱাৰ অন্তিম দিন ধাৰ্য কৰা হৈছে।

আনহাতে, ২৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ২৪ এপ্ৰিল মনোনয়ন পত্ৰ দাখিল কৰাৰ দিন ধাৰ্য কৰা হৈছে। ৫ এপ্ৰিল হৈছে পৰীক্ষণ প্ৰক্ৰিয়া সমাপ্ত কৰাৰ অন্তিম দিন । ৮ এপ্ৰিলৰ ভিতৰত প্ৰাৰ্থীয়ে উঠাই ল’ব পাৰিব মনোনয়ন পত্ৰ। 

লক্ষণীয় যে, দেশজুৰি সৰ্বমুঠ সাতটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ফলাফল ২৩ মে'ত ঘোষণা কৰা হ'ব । সৰ্বমুঠ ১০ লাখ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটদান প্ৰক্ৰিয়া। কেৱল এয়াই নহয়, নিজৰ ভোটাৰ তালিকাত নিজৰ নামসমূহৰ বিষয়ে চোৱাৰ বাবে মুকলি কৰা হৈছে ট’ল ফ্ৰী নম্বৰ ১৯৫০ । 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.