গুৱাহাটী, 29 এপ্ৰিল: শৰাইঘাটৰ পুৰণি দলঙৰ কাম লেহেমীয়া হোৱাৰ বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পিছতেই তৎপৰ ৰাজ্য চৰকাৰ । মেৰামতিৰ কামৰ বুজ লবলৈ উপস্থিত খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । ৩০ জুনৰ বিপৰীতে ২০ জুনতে দলঙৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ । দুটা চীফ্টৰ পৰিৱৰ্তে তিনিটাকৈ চীফ্টত কাম কৰিবলৈ নিৰ্দেশ । ৰাইজৰ অসুবিধাৰ বাবে এই কঠোৰ নিৰ্দেশনা সোণোৱালৰ ।
লগতে পঢ়ক: ষ্ট্ৰং ৰূমৰ কাষতে ট্ৰাকে ট্ৰাকে ইভিএমঃ আমিনগাঁৱত উত্তেজনা