ETV Bharat / state

চিৰাঙত দীনযোৰা কাৰ্যসূচীৰে পালন "বড়োলেণ্ড দাবী দিৱস" - বড়োলেণ্ড দাবী দিৱস

এবছুৱে আয়োজন কৰা অনুষ্ঠানত অংশ ল'লে বিভিন্ন দল সংগঠনৰ পাঁচ হেজাৰতকৈ অধিক লোকে

chirang
author img

By

Published : Mar 2, 2019, 6:38 PM IST

চিৰাং, ২ মাৰ্চঃ চিৰাং জিলাৰ বেংতল জাংক্ৰীখাং ফৌথাৰত শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে পালন বড়োলেণ্ড দাবী দিৱস । এবছুৱে আয়োজন কৰা এই অনুষ্ঠানত অংশ গ্ৰহণ বিভিন্ন দল সংগঠনৰ প্ৰায় পাঁচ হেজাৰতকৈ অধিক লোক । বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত এবছুয়ে ১৯৮৭ চনৰ ২ মাৰ্চৰ পৰা ধাৰাবাহিকভাৱে চলোৱা আন্দোলনৰ ফলতেই গঠন হৈছিল বিটিচি । তেতিয়াৰ পৰা বৰ্তমান পৰ্যন্ত প্ৰায় পাঁচ হাজাৰ শ্বহীদৰ বলিদানেৰে পৃথক বিটিচিৰ বাবে দাবী উত্থাপন কৰি আহিছে এবছুৱে ।

আনহাতে, এবছুৰ ৩২ বছৰীয়া এই আন্দোলনক সন্মান জনাই বিজেপি নেতৃত্বাধীন অসম চৰকাৰ,কেন্দ্ৰীয় চৰকাৰে গুৰুত্বসহকাৰে লৈ সমাধানৰ আহ্বান জনায় এবছুৰ সভাপতি প্ৰমোদ বড়োয়ে । নহলে আগন্তক লোকসভা নিৰ্বাচনত বড়ো জনগোষ্ঠীক প্ৰতাৰণা কৰা বিজেপি দলক যি কোনো প্ৰকাৰে এশিকনি দিব বুলি মন্তব্য কৰে এবছুৰ সদস্যসকলে ।

Intro:আজি ২ মাৰ্চ নিখিল বড়ো ছাত্ৰ সন্থা(এবছু) ই উদযাপন কৰিছে বড়োলেণ্ড আন্দোলন (বড়োলেণ্ড মুভমেন্ট ডে) দিৱস । চিৰাং জিলাৰ বেংতল জাংক্ৰীখাং ফৌথাৰত ৰাতিপুৱা দহ বজাৰ পৰা দিনযোৰা কাৰ্য্যসুচীৰে বড়োলেণ্ড আন্দোলন দিৱস উদযাপন কৰে ছাত্ৰ সংগঠনটোৱে । চিৰাং জিলা সমিতি এৱছুয়ে আয়োজন কৰা এই উৎসৱত দেখিবলৈ পোৱা গল ৰাজনৈতিক দল ইউ পি পি এলৰ সভাপতিকে আদি কৰি কেবাজনো বিভিন্ন দল সংগঠনৰ নেতাৰ লগতে পাঁচ হেজাৰতকৈ অধিক লোকৰ উপস্থিতি । একেদৰে চিৰাং জিলাৰ বিজনীৰ শিলবাৰী অঞ্জলি ক্লাৱৰ খেলপথাৰত বিজনী আঞ্চলিক সমিতি এবছুয়ে আয়োজন কৰা এই দিৱসতো হেজাৰোধিক লোকৰ অংশগ্ৰহন দেখিবলৈ পোৱা গল । যোৱা ১৯৮৭ চনৰ ২ মাৰ্চৰ পৰা নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ৰ নেতৃত্বত পৃথক বড়োলেণ্ড ৰাজ্যৰ দাবীত আন্দোলনৰ সুচনা হৈছিল । এই আন্দোলন আজিও অব্যাহত ৰাখিছে ছাত্ৰ সংগঠনটোৱে।

বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত এবছুৰ ধাৰাবাহিক আন্দোলনৰ  ফলতে বি এ চি গঠন হৈছিল, পিছলৈ বিটিচি গঠন হল । গতিকে আজিৰ এই দিনটো বিপিএফ নেতৃত্ব তথা বিটিচি প্ৰশাসনে চৰকাৰী ভাৱে উদযাপন কৰিব লাগিছিল কিন্ত দেখিবলৈ পোৱা গল ইয়াৰ বিপৰিত হে । আজি এবছুয়ে যত যত এই দিৱস উদযাপন কৰিছে তাক বিফল কৰিবলৈ বিপিএফ দলে ওচৰে পাজৰে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিও বিফল হৈছে । চিৰাঙৰ বেংতল এহছুয়ে আয়োজন কৰা বড়োলেণ্ড দিৱসত অংশগ্ৰহন কৰি এই দৰে কয় ইউ পি পি দলৰ সভাপতি তথা ৰাজ‍্য সভাৰ প্ৰাক্তন সাংসদ উৰ্খাউ গৌৰা ব্ৰহ্ম ই। তেওঁ আৰু কয় যে এই ঐতিহাসিক দিৱস ভৱিষ্যতেও উদযাপন হৈ থাকিব। গতিকে বিটিচি প্ৰশাসনে বড়োলেণ্ড সমস‍্যা সমাধানৰ বাবে আগবাঢ়ি আহিব লাগে বুলিও কয় নেতাজনে ।

বাইট : উৰ্খাউ গৌৰা ব্ৰহ্ম , ইউ পি পি দলৰ সভাপতি তথা ৰাজ‍্য সভাৰ প্ৰাক্তন সাংসদ ।

চিৰাং জিলা সমিতিৰ এবছুৰ সভাপতি খনিন্দ্ৰ বসুমতাৰী য়ে কয় যে বড়ো জনগোষ্ঠীৰ সৰ্ব্বাত্মক উন্নয়নৰ বাবে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত এই ঐতিহাসিক আন্দোলনৰ আৰম্ভ হৈছিল ১৯৮৭ চনৰ পৰা । গতিকে সকলোৱে এই আন্দোলনত সহযোগিতা কৰিব লাগে বুলি কোৱাৰ লগতে কয় যে লোক সভা নিৰ্বাচন সমাগত গতিকে বড়োলেণ্ড আন্দোলনক ৰাজনীতি কৰন কৰিবলৈ গৈ এবছুৰ এই আন্দোলনক ভিত্তি হীন বুলি কোৱাটো দুৰ্ভাগ্যজনক বুলিও কয় । তেওঁ লগতে কয় বিপিএফ তথা বিটিচি প্ৰশাসনেও এই দিনটো উদযাপন কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায় ।

বাইট : খনিন্দ্ৰ বসুমতাৰী,চিৰাং জিলা সমিতিৰ এবছুৰ সভাপতি ।

এবছুৰ ৩২ বছৰীয়া এই আন্দোলনক সন্মান জনাই বিজেপি নেতৃত্বাধীন অসম চৰকাৰ,কেন্দ্ৰীয় চৰকাৰে গুৰুত্বসহকাৰে লৈ সমাধানৰ আহ্বান জনায় এবছুৰ সভাপতি প্ৰমোদ বড়োয়ে । অহা ৮ তাৰিখৰ পৰা কায্যকাল শেষ হোৱা বিজেপি দলে যোৱা নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিল বড়ো সমস‍্যা সমাধানৰ কিন্ত নকৰিলে গতিকে আগন্তক লোক সভাৰ নিৰ্বাচনত বিজেপি দলক পৰাজিত কৰাৰ বাবে প্ৰাৰ্থী দিব এবছুয়ে এই দৰে কয় সভাপতি প্ৰমোদ বড়োয়ে।

বাইট : প্ৰমোদ বড়ো,সভাপতি এবছু ।

মুঠতে আগন্তক লোকসভা নিৰ্বাচনত বড়ো জনগোষ্ঠীক প্ৰতাৰণা কৰা বিজেপি দলক যি কোনো প্ৰকাৰে এশিকনি দিব এবছুয়ে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:১ । বাইট : উৰ্খাউ গৌৰা ব্ৰহ্ম , ইউ পি পি দলৰ সভাপতি তথা ৰাজ‍্য সভাৰ প্ৰাক্তন সাংসদ ।
২। বাইট : খনিন্দ্ৰ বসুমতাৰী,চিৰাং জিলা সমিতিৰ এবছুৰ সভাপতি ।
৩। বাইট : প্ৰমোদ বড়ো,সভাপতি এবছু ।

Conclusion:মুঠতে আগন্তক লোকসভা নিৰ্বাচনত বড়ো জনগোষ্ঠীক প্ৰতাৰণা কৰা বিজেপি দলক যি কোনো প্ৰকাৰে এশিকনি দিব এবছুয়ে ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.