শিলচৰ, ১২মাৰ্চঃ গোটেই দেশৰ লগতে বৰাক উপত্যকাৰ বঙালী লোকসকলৰ অস্তিত্ব সংকটত ৷ এই মন্তব্য অল বেংগলী য়ুথ এণ্ড ষ্টুডেন্টছ অৰ্গেনাজেশ্বনৰ কৰ্মী চন্দন চেটাৰ্জীয়ে ৷
বৰ্তমানে শিলচৰত থকা চন্দন চেটাৰ্জীয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কেতবোৰ মন্তব্য প্ৰদান কৰে ৷ চন্দন চেটাৰ্জীয়ে কয় যে, "অসম এক ভয়ংকৰ পৰিস্থিতিৰ দিশে গতি কৰি আছে ৷ বাংলাদেশী খেদা আৰু এন আৰ চিৰ নামত বৰাক উপত্যকাৰ বঙালী লোকক হাৰাশাস্তি কৰিছে অসম চৰকাৰে ৷ বৰাক উপত্যকাৰ অন্য কোনো জাতি-জনজাতিৰ লোকে ভাৰতীয়ৰ প্ৰমাণ দিবলগা হোৱা নাই ৷ কেৱল বঙালীসকলেই ভাৰতীয় হোৱাৰ প্ৰমাণ পত্ৰ দিব লগা হৈছে ৷ বঙালী লোকসকলৰ প্ৰমাণ পত্ৰৰ বাবে নিৰ্ধাৰণ কৰি দিয়া পোন্ধৰখনকৈ নথিৰ নামটো হাৰাশাস্তিৰ সন্মুখীন হৈছে বঙালী লোকসকল ৷ বঙালীসকলৰ ওপৰত চলা অত্যাচাৰ অসাংবিধানিক, ভাৰত ৰাষ্ট্ৰ ইয়াৰ বাবে দায়ী ৷ বঙালীসকলৰ প্ৰতি বিদ্বেষী মনোভাৱেৰে কাম কৰিছে ৰাষ্ট্ৰই ৷"
ইয়াৰ উপৰিও উজনি অসম আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ লোকসকলৰ সন্দৰ্ভটো নিজৰ মন্তব্য প্ৰকাশ কৰে সংগঠনটোৰ নেতাগৰাকীয়ে ৷ এই সন্দৰ্ভত চন্দন চেটাৰ্জীয়ে কয় যে, "অসম উপত্যকা তথা উজনি অসমৰ লোকসকল উগ্ৰ জাতীয়তাবাদী ৷ এইসকল উগ্ৰ জাতীয়তাবাদী লোক বঙালী বিৰোধী ৷ জাতি ৰক্ষাৰ নামত বঙালী লোকসকলক বিদেশী বনাবলৈ উঠি পৰি লাগিছে উজনি অসম তথা ব্ৰহ্মপুত্ৰ উপত্যকাৰ লোকসকল ৷ সেইবাবেই এন আৰ চিৰ উন্নীতকৰণৰ কামত গোৱালপাৰা, চিলাপথাৰ, তিনিচুকীয়া আদি ঠাইৰ পৰা চৰকাৰী বিষয়া আনি বৰাক উপত্যকাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কামত লগাইছে চৰকাৰে ৷"
উল্লেখ্য যে, শিলচৰৰ এইগৰাকী চন্দন চেটাৰ্জীয়ে বৰ্তমানে নতুন দিল্লীৰ বাসিন্দা হোৱাৰ লগতে শেহতীয়াকৈ বৰাক ভেলীত বিভিন্ন স্থানত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত বিভিন্ন সভা-সমিতি অনুষ্ঠিত কৰি আহিছে ৷