কাছাৰ, ২৫ ফেব্ৰুৱাৰীঃ শিলচৰ দিগৰখালত কয়লা ছিণ্ডিকেট চলিছে বুলি স্বীকাৰ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ। সোমবাৰে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত দিগৰখালত ক'লা হীৰাৰ চিণ্ডিকেটৰ বিৰুদ্ধে প্ৰশাসনক ব্যৱস্থা লোৱাৰ আহ্বান ৰঞ্জিত দাসৰ । সভাপতি গৰাকীয়ে কয়, কয়লা চিণ্ডিকেটক লৈ বিজেপিয়ে প্ৰতিবাদ কৰিছিল আৰু অনাগত দিনটো প্ৰতিবাদ কৰি যাব । ইয়াৰোপৰি যিকোনো চিণ্ডিকেট উৎখাত কৰাৰ মূল কাৰণ ভাৰতীয় জনতা পাৰ্টি বুলি দাবী কৰে শাসকীয় দলৰ ৰাজ্যিক সভাপতিজনে ।
উল্লেখ্য যে, দিগৰখালত বিনাদ্বিধাই ক'লা হীৰা ছিণ্ডিকেট চলি অহা সন্দৰ্ভত খোদ বিজেপি সভাপতিয়ে দাবী কৰাৰ পাচত এতিয়া চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষণীয় হ'ব ।