ETV Bharat / state

বৰপেটা বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মালৈ শংকৰদেৱ বঁটা - barpeta

বশিষ্ঠ শৰ্মালৈ ৰাজ্য চৰকাৰে ঘোষণা কৰিলে শংকৰদেৱ বঁটা । বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া, সত্ৰীয়া সংস্কৃতিৰ একান্ত সাধক, লোকশিল্পী, অভিনেতা, বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাক ২০১৭ বৰ্ষৰ শংকৰদেৱ বঁটাৰ বাবে নিৰ্বাচিত কৰিছে ৰাজ্য চৰকাৰে

sankardev award
author img

By

Published : Mar 8, 2019, 10:46 PM IST

বৰপেটা, ৮ মাৰ্চঃ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মালৈ ৰাজ্য চৰকাৰে ঘোষণা কৰিলে শংকৰদেৱ বঁটা । বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া, সত্ৰীয়া সংস্কৃতিৰ একান্ত সাধক, লোকশিল্পী, অভিনেতা, বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাক ২০১৭ বৰ্ষৰ শংকৰদেৱ বঁটাৰ বাবে নিৰ্বাচিত কৰিছে ৰাজ্য চৰকাৰে ৷ ওৰেটো জীৱন সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ কামত নিজকে সমৰ্পিত কৰি অহা বশিষ্ঠ শৰ্মাৰ নাম শংকৰদেৱ বঁটাৰ বাবে নিৰ্বাচিত কৰাৰ খবৰে আনন্দিত কৰি তুলিছে সত্ৰনগৰী বৰপেটাবাসীৰ লগতে সমগ্ৰ ৰাজ্যবাসীক ৷ এই বঁটা প্ৰাপ্তিৰ বাবে ৰাজ্য চৰকাৰৰ লগতে ৰাইজক ধন্যবাদ আৰু আশীৰ্বাদ প্ৰদান কৰিছে বুঢ়াসত্ৰীয়াগৰাকীয়ে ৷

উল্লেখ্য যে, ১৯৩৮ চনৰ ১ এপ্ৰিলত জন্মগ্ৰহণ কৰা সত্ৰীয়া সাধকগৰাকী শৈশৱৰেপৰাই সুন্দৰীদিয়া সত্ৰৰ সত্ৰীয়া পৰিৱেশৰ মাজত ডাঙৰ দীঘল হৈছিল ৷ সুন্দৰীয়া সত্ৰ গীত পদৰ মাজত ডাঙৰ দীঘল হোৱা শৰ্মাক প্ৰত্যক্ষ কৰা হৈছিল ড0 ভূপেন হাজৰিকাৰ এৰাবাটৰ সুৰ বোলচবি খনতো । বিষ্ণুৰাভাৰ সৈতে বৰপেটাত অভিনয় কৰা, বৰপেটাৰ নাট্যক্ষেত্ৰৰ এগৰাকী অভিনেতা হিচাপে খ্যাতি অৰ্জন কৰা বশিষ্ঠ শৰ্মাই কেবাখনো বাংলা নাট অসমীয়ালৈ অনুবাদ কৰাৰ উপৰিও নিজে মঞ্চস্থ কৰিছিল ৷ তাৰোপৰি তেওঁৰ বহুতো মূল্যবান প্ৰৱন্ধ প্ৰকাশেৰে পাঠকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । উল্লেখ্য যে, শৰ্মাদেৱে গুৱাহাটী অনাঁতাৰ কেন্দ্ৰযোগে বহু ধৰ্মীয় আখ্যানৰ সাংগীতিক বিশ্লেষণ পৰিৱেশন কৰি শ্ৰোতাৰ সমাদৰ অৰ্জন কৰিছিল। জীৱনৰ শেষ দিনটোলৈকে গুৰুধৰ্ম প্ৰচাৰ কৰি, সাধু সংগ ভকত সংগ লৈয়েই শেষ বিদায় লব খোজে বুলিও বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই মন্তব্য কৰে ৷

Slug:     A_BAR_8MARCH_801TO804__SANKARDEV_AWARD_BASHISTA_SARMA_VIS+BITE_BAPKAN_DAS                       

 বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ট শৰ্মাক শংকৰদেৱ বঁটাঃ জীৱনৰ শেষ দিনটোলৈকে গুৰুধৰ্ম পালনৰ শেষ ইচ্ছা বুঢ়াসত্ৰীয়াৰ ৷

বৰপেটা, ৮ মাৰ্চঃ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া, সত্ৰীয়া সংস্কৃতিৰ একান্ত সাধক, লোকশিল্পী, অভিনেতা, বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ট শৰ্মাক ২০১৭ বৰ্ষৰ শংকৰদেৱ বঁটাৰ বাবে নিৰ্বাচিত কৰিছে ৰাজ্য চৰকাৰে ৷ ওৰেটো জীৱন সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ কামতে নিজকে সমৰ্পিত কৰি অহা বশিষ্ট শৰ্মাৰ নাম শংকৰদেৱ বঁটাৰ বাবে নিৰ্বাচিত কৰাৰ খবৰে আনন্দিত কৰি তুলিছে সত্ৰনগৰী বৰপেটাবাসীৰ লগতে সমগ্ৰ ৰাজ্যবাসীক ৷ এই বঁটা প্ৰাপ্তিৰ বাবে ৰাজ্য চৰকাৰৰ লগতে ৰাইজক ধন্যবাদ আৰু আশীৰ্বাদ প্ৰদান কৰিছে বুঢ়াসত্ৰীয়াগৰাকীয়ে ৷ ১৯৩৮ চনৰ ১ এপ্ৰিলত জন্মগ্ৰহন কৰা সত্ৰীয়া সাধকগৰাকী শৈশৱৰেপৰাই সুন্দৰীদিয়া সত্ৰৰ সত্ৰীয়া পৰিবেশৰ মাজত ডাঙৰ দীঘল হৈছিল ৷  সুন্দৰীদিয়া সত্ৰৰ পৰা ভাহি অহা গীত, পদ, ঘোষা, আদিৰ সুৰত ডাঙৰ দীঘল হোৱা বশিষ্ট শৰ্মাই ড0 ভূপেন হাজৰিকাৰ এৰাবাটৰ সুৰ বোলচবি খনৰ সৈতেও জড়িত হৈছিল ৷ বিষ্ণুৰাভাৰ সৈতেও বৰপেটাত অভিনয় কৰা, বৰপেটাৰ নাট্যক্ষেত্ৰৰ এগৰাকী অভিনেতা হিচাপে খ্যাতি অৰ্জন কৰা বশিষ্ট শৰ্মাই কেবাখনো বাংলা নাট অসমীয়ালৈ অনুবাদ কৰি নিজে মঞ্চস্থ কৰিছিল ৷ তাৰোপৰি তেওৰ বহু মুল্যবান প্ৰৱন্ধ বিভিন্ন পত্ৰ পত্ৰিকাত প্ৰকাশিত হৈছিল ৷  অজস্ৰ ঘোষা নাম, দিহানামৰ শ্ৰব্য সফুৰাত গীত পৰিবেশন কৰাৰ লগতে গুৱাহাটী অনাতাৰ কেন্দ্ৰত প্ৰায় ৩০ বছৰ ধৰি নামৰ দিহা, হোলীগীত আদি সংগীতৰ অনুষ্ঠান পৰিবেশন কৰি আহিছে ৷ আনকি গুৱাহাটী অনাতাৰ কেন্দ্ৰযোগে বহু ধৰ্মীয় আখ্যানৰ সাংগীতিক বিশ্লেষণ পৰিবেশন কৰি   জীৱনৰ শেষ দিনটোলৈকে গুৰুধৰ্ম প্ৰচাৰ কৰি, সাধু সংগ ভকত সংগ লৈয়েই শেষ বিদায় লব খোজে বশিষ্ট শৰ্মাই ৷ গুৰুজনাৰ নামত বটা পাই আনন্দ লাভ কৰা বুলি প্ৰকাশ ৷ মহাপুৰুষ গুৰুজনাৰ সেৱাৰ কামখিনি সাধ্য অনুসাৰে কৰি আছো ৷ বঁটাৰ বাবে এই কাম কৰা নাছিলো ৷ গুৰুজনাৰ নামত কিবাএটা যেন কৰি যাব পাৰো সেইটোৱে উদ্দেশ্য,  তাৰ বিনিময়ত যে বটা পাম সেইটো ভবা নাছিলো ৷ সত্ৰীয়া সংস্কৃতি ৰক্ষাৰ বাবে চৰকাৰৰ কৰনীয় আছে বুলিও কলে বশিষ্ট শৰ্মাই ৷ তেও কলে- সত্ৰীয়া সংস্কৃতি ৰক্ষা হলেহে অসমীয়া জাতি মাটি ভেটি ৰক্ষা হব ৷ আনহাতে লুপ্তপ্ৰায়, মৃতপ্ৰায় সত্ৰসমুহ উদ্ধাৰৰ চেষ্টা কৰাৰ লগতে চৰকাৰেও এইক্ষেত্ৰত আগভীগ লোৱা বুলি প্ৰকাশ ৷ সত্ৰ মাটি বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত ৰীজ্য চৰকাৰৰ কামত সন্তুষ্টি প্ৰকাশ ৷
নতুন প্ৰজন্ম গুৰুজনাৰ চিন্তা আদৰ্শৰ প্ৰতি আগ্ৰহ বঢ়া বুলিহে প্ৰকাশ ৷
চাহবাগান, সোনোৱাল-কচাৰী, আৰু জনজাতি অধ্যুষিত অঞ্চলসমুহত সত্ৰীয়া সংস্কৃতি প্ৰচাৰত মনোনিবেশ কৰিব ৷

বাইটঃ বশিষ্ট শৰ্মা
--- বাপকন দাস, বৰপেটা
ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.