ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দহটা স্থানত 39 গৰাকী শিক্ষাৰ্থীৰ স্থানলাভ ৷ আনহাতে হাইমাদ্ৰাছা পৰীক্ষাত 561 নম্বৰেৰে প্ৰথম স্থান লাভ কৰিছে গোৱালপাৰা জিলাৰ ৰাখালডুবি হাই মাদ্ৰাছাৰ চেলিম আহমেদে । 553 নম্বৰেৰে দ্বিতীয় স্থান লাভ কৰিছে দৰং জিলাৰ পিপিৰাকুছি আঞ্চলিক হাই মাদ্ৰাছাৰ আব্দুল আজিজে আৰু 547 নম্বৰেৰে তৃতীয় স্থান দখল কৰিছে গোৱালপাৰা জিলাৰ আমবাৰী কাৰ্তিমাৰি হাই মাদ্ৰাছাৰ ইলিয়াছ আলিয়ে ৷
- 594 নম্বৰেৰে প্ৰথম স্থানত নাৰায়ণপুৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন, লখিমপুৰৰ মেঘাশ্ৰী বৰা ৷
- 593 নম্বৰেৰে দ্বিতীয় স্থানত ডন বস্ক হাইস্কুল বাঘচোং যোৰহাটৰ চিন্ময় হাজৰিকা আৰু ছেইন্ট মেৰিজ হাইস্কুল গুৱাহাটীৰ প্ৰত্যাশা মেধি ৷
- 591 নম্বৰেৰে তৃতীয় স্থানত খ্ৰীষ্টজ্যোতি স্কুল নগাঁওৰ আফৰিন আহমেদ আৰু ছেইন্ট মেৰিজ হাইস্কুল গুৱাহাটীৰ অনুশ্ৰী ভূঞা ৷
- 590 নম্বৰেৰে চতুৰ্থ স্থানত ছেইন্ট মেৰিজ হাইস্কুল গুৱাহাটীৰ খ্ৰীষ্টি শইকীয়া ৷
- 589 নম্বৰেৰে পঞ্চম স্থানত ক্ৰমে, ছেইন্ট জনছ হায়াৰ ছেকেণ্ডাৰী স্কুল যোৰহাটৰ ফাল্গুনী শৰ্মা, ডন বস্ক হাইস্কুল বৈৰাগীমঠ ডিব্ৰুগড়ৰ লৱজ্যোতি দাস, গোলাঘাট জাতীয় বিদ্যালয়, গোলাঘাটৰ উপাশা মুদৈ, ছেইন্ট মেৰিজ হাইস্কুল উত্তৰ লখিমপুৰৰ তুছিফ তমান্না ৰেহমান, অসম জাতীয় বিদ্যালয়, নুনমাটিৰ প্ৰিয়ংকা কলিতা,
- 588 নম্বৰেৰে ষষ্ঠ স্থানত ক্ৰমে, বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰপেটাৰ ৰাজশ্ৰী পাঠক আৰু অভিস্পা দাস, কেন্দ্ৰীয় ছোৱালী হাইস্কুল, গোৱালপাৰাৰ ছাৰমিন হাছনাট, উদয়ন শান্তি নিকেতন, বেজেৰাৰ অনুৰাগ বৰ্মণ, পায়নিয়াৰ একাডেমি পুঠিমাৰীৰ প্ৰিয়ম কাশ্যপ,
- 587 নম্বৰেৰে সপ্তম স্থানত ক্ৰমে, ছেইন্ট মেৰিজ হাইস্কুল উত্তৰ লখিমপুৰৰ অজয় বুঢ়াগোঁহাই আৰু দীপজ্যোতি শৰ্মা, পুৰণিগুডাম আৰ কে বি হাইস্কুল, নগাঁওৰ অংকুৰ ৰাজ কাশ্যপ, লিটিল ফ্লাৱাৰ স্কুল নলবাৰীৰ নিকিতা কলিতা
- 586 নম্বৰেৰে অষ্টম স্থানত ছেইন্ট জনছ হায়াৰ ছেকেণ্ডাৰী স্কুল, বাক্সাৰ ইভান কাশ্যম কলিতা, আগদালা চাৰিআলি হাইস্কুল, কামৰূপৰ বৰষা ডেকা, বেবেজীয়া পিকেএছ হায়াৰ ছেকেণ্ডাৰী স্কুল, নগাঁওৰ নিশিতা খাটনিয়াৰ, নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইশান ভূঞা, ননৈ হায়াৰ ছেকেণ্ডাৰী স্কুল, নগাঁওৰ দীপ শইকীয়া, গৌৰীসাগৰ এইছ এছ ইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউটৰ দেবশ্ৰী শইকীয়া
- 585 নম্বৰেৰে নৱম স্থানত পাঠশালা শিক্ষাপীঠ আদৰ্শ হাইস্কুল, বজালীৰ হীৰকজ্যোতি চৌধুৰী, হেপি চাইল্ড ইংলিছ স্কুল, ছিপাঝাৰৰ জেফৰিণ আৰা আহমেদ, খ্ৰীষ্টজ্যোতি স্কুল নগাঁওৰ ইৰফান হক, বিবেকানন্দ বিদ্যা নিকেতন, টিহুৰ দীপশেখৰ কলিতা আৰু ছেইন্ট জোছেফ স্কুল, মৰানহাটৰ অৰ্চিতা দুৱৰা ৷
- 583 নম্বৰেৰে দশম স্থানত উত্তৰ বজালী হাইস্কুল, বজালীৰ উদীপ্ত কলিতা, বি এল বেৰিয়া সৰস্বতী শিশু মন্দিৰ, ডিব্ৰুগড়ৰ অনিৰ্বান দত্ত, গোলাঘাট জাতীয় বিদ্যালয়, গোলাঘাটৰ অচ্যুত কুমাৰ চেতিয়া, শংকৰদেৱ বিদ্যা নিকেতন, হাজোৰ মনীষা মালাকৰ, অৰুণোদয় ই এম হাইস্কুল, মিৰ্জাৰ বিতোপন কলিতা, ডন বস্ক হাইস্কুল হোজাইৰ সাগনিক বানিক, পুৰনিগুডাম আৰ কে বি এইছ এছ স্কুল, নগাঁওৰ মিন্টু গায়ন আৰু শংকৰদেৱ বিদ্যা নিকেতন, টিহুৰ দীপজ্যোতি শৰ্মা ৷
চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ 3,36,203 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত 2,02,504গৰাকীয়ে উত্তীৰ্ণ হৈছে ৷ ইয়াৰ ভিতৰত 48,599 গৰাকীয়ে প্ৰথম বিভাগ, 71,020গৰাকীয়ে দ্বিতীয় বিভাগ আৰু 82,889 গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৷ মুঠ 60.23 % শিক্ষাৰ্থী উত্তীৰ্ণ হয় এইবাৰ পৰীক্ষাত ৷ মুঠ 62.69 শতাংশ ছাত্ৰৰ বিপৰীতে 57.99 শতাংশ ছাত্ৰী উত্তীৰ্ণ হৈছে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৷