ETV Bharat / state

নগৰাঞ্চলত আৱাস নিৰ্মাণৰ নামত সংঘটিত বিয়াগোম দুৰ্নীতিঃ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম - Corruption

গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদ মেল যোগে আঁচনি সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য সংগঠনটোৰ

দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম
author img

By

Published : Mar 17, 2019, 11:16 PM IST

গুৱাহাটী, ১৭ মাৰ্চঃ ৰাজ্যৰ নগৰাঞ্চলসমূহত বাস কৰা ভূমিহীন আৰু গৃহহীন লোকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা প্ৰধান মন্ত্ৰী আৱাস যোজনা (নগৰাঞ্চল) এতিয়া ধোৱাচাঙত উঠিছে । এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম নামৰ সংগঠনটোৱে ।

দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম

সংগঠনটোৰ নেতৃত্বই দেওবাৰে মহানগৰীৰ গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদ মেলৰ আয়োজন কৰে । সংবাদ মেলতে ৰাজ্য চৰকাৰৰ বিয়াগোম বিভাগসমূহে কিদৰে আঁচনি ৰূপায়নৰ নামত দুৰ্নীতি সংঘটিত কৰি আহিছে তাক উদঙাই দিয়ে সংগঠনটোৱে । সংগঠনটোৱে প্ৰকাশ কৰা অনুসৰি বৰ্তমান সময়লৈ উক্ত আঁচনিৰ অধীনত ৫৭,১৫৪ টা গৃহ হিতাধিকাৰীৰ নামত অনুমোদন কৰিছে আৰু ইয়াৰে ১৪৪৫ জন হিতাধিকাৰীয়ে আঁচনিৰ অধীনত ধন লাভ কৰিছে বুলি চৰকাৰী তথ্যত প্ৰকাশ কৰিছে । চৰকাৰী তথ্য অনুসৰি প্ৰধানমন্ত্ৰী নগৰীয়া আৱাস যোজনাৰ অধীনত আমগুৰি, বদৰপুৰ, বৰপথাৰ, বিহপুৰীয়া আদি অঞ্চলত এই আঁচনি ৰূপায়ন কৰিছে । আঁচনি ৰূপায়নৰ দায়িত্বত থকা সংশ্লিষ্ট বিভাগে কেতবোৰ তথ্য প্ৰকাশ কৰিছে যিবোৰ ব্যৱহাৰিক ক্ষেত্ৰত একেবাৰে ভুৱা । আঁচনিৰ অধীনত সৰ্বমুঠ ২৫,৪৫৩ গৰাকী হিতাধিকাৰীক ২লাখকৈ টকা প্ৰদান কৰা বুলি প্ৰকাশ কৰিছে যদিও কোনো এজন ব্যক্তিয়ে এই ধন লাভ কৰা নাই । আনহাতে এই আঁচনিৰ তত্বাৱধায়ক জীৱন মিৰিক শাস্তিমূলকভাৱে লক্ষীমপুৰৰ উপায়ুক্ত হিচাপে বদলি কৰিছে আৰু আঁচনিৰ সমষ্ট ধন লুটি-পুটি খাইছে সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীয়ে । আনহাতে এই আঁচনিৰ নামত বিভাগে প্ৰদান কৰা ১৮০০ ২১২৩৬৬ টেলিফোন নম্বৰটোও ভূৱা আৰু ই আজিলৈ নিষ্ক্ৰীয় হৈ আছে । ইতিমধ্যে সমগ্ৰ বিষয়টো সন্দৰ্ভত লোকসভা নিৰ্বাচনৰ আগে আগে মুখ্যমন্ত্ৰীৰ নেতৃত্বত এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে সংগঠনটোৱে । ইয়াৰ উপৰিও কৃষক নেতা অখিল গগৈক গুৱাহাটী সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈও আহ্বান জনায় সংগঠনটোৱে ।

Intro:গুৱাহাটী প্ৰেছ ক্লাৱত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সংবাদমেল ।

Body:প্ৰধান মন্ত্ৰী আৱাস যোজনাক লৈ সৰব হল দূৰ্নীতি বিৰুধী যুৱ শক্তি অসম নামৰ সংগঠন টো ।সংগঠনটোৰ প্ৰশ্ন কিয় আৰবান অঞ্চলত অঞ্চলত এই যোজনাৰ ঘৰ নিৰ্মানত ব্যৰ্থ হৈছে ।২০১৫ চনত আৰম্ভ কৰা এই যোজনাৰ অধীনত অসমৰ ঘৰ সমূহ নিৰ্মাণ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ তুলিছে সংগঠটোৱে ‌ ।বৰ্তমান সময়লৈকে মাত্ৰ সিমিত সংখ্যক লোকৰ হে প্ৰথম কিষ্টিৰ ধন মোকলাই দিয়াৰ তথ্য দিয়ে সংবাদমেলত ।এই সংবাদমেলত দূৰ্নীতি বিৰুধী যুৱ শক্তি অসমৰ মূল হেতা ধৰ্ম কান্ত গগৈয়ে কয় যে অখিল গগৈক গুৱাহাটীত নিৰ্বাচন।খেলিবলৈ দিব লাগে ।কিয়নো কংগ্ৰেছৰ কোনে নিৰ্বাচন খেলিব সেই লৈ তৎপৰতা দেখাইছে অখিলে ।

Conclusion:লিপিকা ডেকা ।গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.