ETV Bharat / state

অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সংবাদমেল - দেৱ কুমাৰ দাস

গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰি "বৈচিত্ৰময় অসম" পাঠ্যপুথিত অনুসূচীত জাতিৰ লোকসকলক উপেক্ষা কৰা হ'ল বুলি মন্তব্য কৰে অনুসূচীত জাতি ছাত্ৰ সন্থাই । অসমৰ প্ৰতিটো মূহুৰ্ততে ওতপ্ৰোতভাৱে জড়িত থকা অনুসূচীত জাতিৰ লোকসকলক কৰা এই ব্যৱহাৰক লৈ দুখ প্ৰকাশ কৰে সন্থাৰ সদস্যসকলে ।

অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সংবাদমেল
author img

By

Published : Apr 30, 2019, 9:03 PM IST

গুৱাহাটী, ৩০ এপ্ৰিলঃ গুৱাহাটী প্ৰেছ ক্লাৱত মঙলবাৰে সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাই এক সংবাদমেলৰ আয়োজন কৰে । সংবাদ মেলত নৱম আৰু দশম শ্ৰেণীৰ বাবে প্ৰচলিত "বৈচিত্ৰময় অসম" শীৰ্ষক পাঠ্যপুথিক লৈ অসন্তুষ্টি প্ৰকাশ কৰে ছাত্ৰ সন্থাটোৱে । সন্থাটোৱে অসমৰ ভূমিপুত্ৰ সকলক উপেক্ষিত কৰা বুলি মন্তব্য কৰাৰ লগতে পাঠ্যপুথিত কৈৱৰ্ত, বণিয়া, হীৰা, সূত্ৰধাৰ, মালীসকলক চূড়ান্তভাৱে অৱমাননা কৰা হৈছে বুলি দাবী উত্থাপন কৰে । তেওঁলোকে মন্তব্য কৰে যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰাক-ব্ৰহ্মপুত্ৰ,পাহাৰ - ভৈয়ামৰ সকলো শ্ৰেণীৰ মানুহক সমমর্যাদা প্ৰদানৰ যি ভাষণ দিয়ে সেয়া কেৱল ৰাজনীতিৰ স্বাৰ্থতহে বুলি কয় । শিক্ষা বিভাগৰ দায়িত্বত থকা সিদ্ধাৰ্থ ভট্টাচাৰ্যইও কৈৱৰ্ত সকলৰ ইতিহাস কিতাপখনত উল্লেখ নকৰাৰ লগতে ভূপেন হাজৰিকাৰ এটা লিখনিয়ো পাঠ্যপুথিত অন্তৰ্ভুক্ত নকৰিলে বুলি সন্থাৰ সদস্যসকলে দুখ প্ৰকাশ কৰে ।

অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সংবাদমেল

অসমৰ সামাজিক জীৱনৰ প্ৰতিটো ঘটনাতে ওতপ্ৰোতভাৱে জড়িত থকা অনুসূচীত জাতিৰ লোকসকলক পাঠ্যপুথি খনত কিয় উপেক্ষা কৰা হ'ল বুলি সন্থাৰ সদস্যসকলে প্ৰশ্ন কৰে। 15 দিনৰ সময়সূচী প্ৰদান কৰি পাঠ্যপুথিখনত এইসকল লোকৰ ইতিহাস সংযুক্ত কৰিবলৈ আহ্বান জনোৱা হয় শিক্ষা বিভাগক। লগতে সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দেৱ কুমাৰ দাসে হুংকাৰ দি কয় যে, চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে তেওঁলোকে অনাগত দিনত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব ।

Intro:অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সংবাদ মেল গুৱাহাটী প্ৰেছ ক্লাৱত। নৱম আৰু দশম শ্ৰেণীৰ বাবে প্ৰচলিত "বৈচিত্ৰ্যময় অসম"শীৰ্ষক পাঠ্যপুথিক লৈ অসন্তুষ্ট সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থা । পাঠ্য পুথিত চূড়ান্ত ভাৱে অৱমাননা কৰা হৈছে কৈৱৰ্ত ,বণিয়া, হীৰা ,সূত্ৰধাৰ ,মালী সকলক।অসমৰ ভূমিপুত্র সকলক উপেক্ষিত কৰা হৈছে বুলি তীব্র ভাষাৰে গৰিহণা দিছে অনুসূচীত জাতি ছাত্ৰ সন্থাই। তেওঁলোকৰ মতে মুখ্যমন্ত্ৰী সর্বানন্দ সোনোৱাল মহোদয়ে বৰাক ব্ৰহ্মপুত্ৰ, পাহাৰ ভৈয়াম সকলো বৰ্ণ শ্ৰেণী মানুহক সমমর্যাদা প্ৰদানৰ যি ভাষণ দিয়েসেয়া কেৱল ৰাজনীতি হে । কাৰণ কৈৱৰ্ত সকলৰ ভাষা সাহিত্য সংস্কৃতি আৰু সমাজ জীৱনৰ বিষয়ে উল্লেখ কৰিবলৈ পাহৰি যায় চৰকাৰে।

Body:কৈৱৰ্ত সকলৰ ইতিহাস কিতাপ খনত উল্লেখ নকৰাৰ লগতে ভূপেন হাজৰিকাৰ এটা লিখনিয়ো পাঠ্যপুথিত সংযুক্ত কৰাৰ প্ৰয়াস কৰা নাই শিক্ষা বিভাগৰ দায়িত্বত থকা সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই।যি সময়ত অসম স্বাধীনৰ লগতে বহু কাৰ্য্য অনুসূচীত জাতিৰ লোক সকল জড়িত হৈ আছে সেই সময়ত বৈচিত্ৰ্য ময় অসম নামৰ পাঠ্যপুথিত কিয় তেওঁলোকে কিয় কৈৱৰ্ত বণিয়া অথবা মালী সকলক উপেক্ষা কৰিলে সেই সন্দৰ্ভত উত্তৰ লাগে। 15 দিনৰ সময় দি শিক্ষা বিভাগক লগতে চৰকাৰক এই বিষয়ত বিবেচনা কৰি পাঠ্যপুথিত কৈৱৰ্ত বণিয়া অথবা মালী সকলৰ ইতিসক সংযুক্ত কৰিবলৈ আহ্বান জনাইছে।লগতে সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দেৱ কুমাৰ দাস কয় ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে তেওঁলোকে আন্দোলন কাৰ্য্যসূচী লবলৈ সাজু অনাগত দিনত।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.