গুৱাহাটী, 23 মে' : উগ্ৰতাৰা দেৱালয়ত উখল-মাখল পৰিৱেশ ৷ জাগ্ৰত দেৱালয়খনৰ অষ্টধাতুৰ বিগ্ৰহ চুৰি হোৱাৰ দিন ধৰি বিগত 6 মাহে মাৰ আসন উকা হৈ থকা দেৱালয়খনত আজি প্ৰতিষ্ঠা কৰা হয় দেৱীৰ বিগ্ৰহ ৷ সম্পূৰ্ণ বৈদিক নীতি নিয়মেৰে প্ৰতিষ্ঠা কৰা হয় চুৰি হোৱা পূৰণি বিগ্ৰহৰ লগতে নতুনকৈ নিৰ্মাণ কৰি অনা অষ্টধাতুৰ বিগ্ৰহ ৷ বিগ্ৰহ প্ৰতিষ্ঠা কাৰ্যসূচীৰ লগত সংগতি ৰাখি দেৱালয়খনত আয়োজন কৰা হয় উগ্ৰতাৰা মহোৎসৱৰ ৷ মহোৎসৱ উপলক্ষে দেৱালয়খনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ভিৰ কৰে অগণন ভক্তই ৷ পুৱা শোভাযাত্ৰাৰে অনুষ্ঠানৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় ৷
উগ্ৰতাৰা দেৱালয়ত প্ৰতিষ্ঠা হ'ল দেৱীৰ বিগ্ৰহ - উগ্ৰতাৰা মহোৎসৱ
উগ্ৰতাৰা দেৱালয়ত উখল-মাখল পৰিৱেশ ৷ সম্পূৰ্ণ বৈদিক নীতি নিয়মেৰে প্ৰতিষ্ঠা চুৰি হোৱা পূৰণি বিগ্ৰহৰ লগতে নতুনকৈ নিৰ্মাণ কৰি অনা অষ্টধাতুৰ বিগ্ৰহ ৷
গুৱাহাটী, 23 মে' : উগ্ৰতাৰা দেৱালয়ত উখল-মাখল পৰিৱেশ ৷ জাগ্ৰত দেৱালয়খনৰ অষ্টধাতুৰ বিগ্ৰহ চুৰি হোৱাৰ দিন ধৰি বিগত 6 মাহে মাৰ আসন উকা হৈ থকা দেৱালয়খনত আজি প্ৰতিষ্ঠা কৰা হয় দেৱীৰ বিগ্ৰহ ৷ সম্পূৰ্ণ বৈদিক নীতি নিয়মেৰে প্ৰতিষ্ঠা কৰা হয় চুৰি হোৱা পূৰণি বিগ্ৰহৰ লগতে নতুনকৈ নিৰ্মাণ কৰি অনা অষ্টধাতুৰ বিগ্ৰহ ৷ বিগ্ৰহ প্ৰতিষ্ঠা কাৰ্যসূচীৰ লগত সংগতি ৰাখি দেৱালয়খনত আয়োজন কৰা হয় উগ্ৰতাৰা মহোৎসৱৰ ৷ মহোৎসৱ উপলক্ষে দেৱালয়খনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ভিৰ কৰে অগণন ভক্তই ৷ পুৱা শোভাযাত্ৰাৰে অনুষ্ঠানৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় ৷
বাইট
উগ্ৰতাৰা মহোৎসৱ উপলক্ষে দেৱালয়ত ৰাজ্য ৰ ভিন্ন প্ৰান্তৰ ভক্ত ৰ লগতে হায়দৰাবাদৰ পৰাও আহিছে ভক্ত । মাৰ আৰ্শীবাদ লবলৈ এনেদৰেই ভিৰ কৰিছেহি দেৱালয়ত ।
বাইট
অষ্ট ধাতুৰ মূৰ্তি চুৰি হোৱাৰ প্ৰায় ছমাহ উকা হৈ ৰৈছিল মাৰ আসন । অৱশেষত নতুনকৈ মূৰ্তি নিৰ্মাণৰ লগে লগে পুৰণি মূৰ্তি ও উদ্ধাৰ হৈছিল । সেয়ে আজিৰে পৰা বৰ্নিল কাৰ্যসূচীৰে উগ্ৰতাৰা মহোৎসৱ অনুষ্ঠিত কৰিছে কৰিছে পৰিচালনা সমিতিয়ে । এই উপলক্ষে উগ্ৰতাৰা দেৱালয় সুন্দৰকৈ সজাই পৰাই তুলিছে । পুৱা শোভাযাত্ৰাৰে এই অনুষ্ঠানৰ শুভাৰম্ভ হোৱাৰ লগতে বিভিন্ন ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হয় ।
Body:লিপিকা ডেকা
Conclusion:গুৱাহাটী