ETV Bharat / state

গুৱাহাটী মহানগৰত অসহায় মহিলাক বিল্ডাৰৰ ভাবুকি

মহানগৰীৰ গোটানগৰৰ গীতা বৈদ্য নামৰ এগৰাকী জ্যেষ্ঠ নাগৰিকক এবছৰীয়া চুক্তি অনুসৰি নিজৰ অট্টালিকা নিৰ্মাণৰ দায়িত্ব দিছিল সৰ্বসাধন দেৱান ওৰফে ৰতন দেৱান নামৰ এজন বিল্ডাৰৰ হাতত। কিন্তু বিল্ডাৰগৰাকীয়ে অকলশৰীয়া পাই তেঁওৰ ওপৰত বিভিন্ন অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন জ্যেষ্ঠ মহিলাগৰাকীৰ ।

গুৱাহাটী মহানগৰত অসহায় মহিলাক বিল্ডাৰৰ ভাবুকি
author img

By

Published : Apr 12, 2019, 8:34 PM IST

গুৱাহাটী,১২ এপ্ৰিলঃ মহানগৰীৰ অসহায় জ্যেষ্ঠ মহিলাক বিল্ডাৰৰ ভয়-ভাবুকি। শীৰ্ষ আৰক্ষীৰ কাষ চাপিও ন্যায় নাপালে বৃদ্ধাগৰাকীয়ে । মহানগৰীৰ গোটানগৰৰ গীতা বৈদ্য নামৰ এগৰাকী মহিলাই এবছৰীয়া চুক্তি অনুসৰি নিজৰ অট্টালিকা নিৰ্মাণৰ দায়িত্ব দিছিল সৰ্বসাধন দেৱান ওৰফে ৰতন দেৱান নামৰ নামৰ এজন বিল্ডাৰৰ হাতত। অকলশৰীয়া দেখি বিল্ডাৰ সৰ্বসাধন দেৱানে বিভিন্ন অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে । মহিলাগৰাকীৰ অভিযোগ বিল্ডাৰগৰাকীয়ে তেঁওৰ মাটি আত্মসাৎৰ চেষ্টা কৰিছে ।

গুৱাহাটী মহানগৰত অসহায় মহিলাক বিল্ডাৰৰ ভাবুকি

ঘটনা সন্দৰ্ভত অসহায় গীতা বৈদ্যই এজাহাৰ দাখিল কৰিছে মহানগৰ আৰক্ষী আয়ুক্তৰ হাতত । তথ্য অনুসৰি ন্যায়ালয়ে ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰৰো নিৰ্দেশ দিছিল বিল্ডাৰ সৰ্বসাধন দেৱান ওৰফে ৰতন দেৱানক। কিন্তু আজি পৰ্যন্ত আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ ব্যক্ত কৰিছে মহিলাগৰাকীয়ে । বিল্ডাৰৰ হাৰাশাস্তিৰ বাবে মানসিক অশান্তিত ভূগিছে গীতা বৈদ্য। আনকি মহিলাগৰাকীৰ অট্টালিকাতে থাকিবলৈ দিয়া হৈছে শ্ৰমিকসকলক । ঘৰ খালী কৰিবলৈ দিলেও বিল্ডাৰজনে ঘৰ খালী নকৰাৰো অভিযোগ বৈদ্যৰ ।

sample description
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.