গুৱাহাটী, ১২ ফেব্ৰুৱাৰীঃ মঙলবাৰে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা আৰু গুৱাহাটী ৰেলৱে আৰক্ষী চকীৰ এক যুটীয়া অভিযানত জব্দ হয় ২৪ গ্ৰাম সন্দেহজনক হেৰ'ইন । গুৱাহাটী ৰেলৱে ষ্টেচনৰ ডিজেল শ্বেডৰ সমীপৰ পৰা তিনিগৰাকী মহিলাক ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।
মহিলাকেইগৰাকীৰ পৰা ২ গ্ৰাম ওজনৰ ১২ টাকৈ প্লাষ্টিকৰ পাত্ৰৰ পৰা মুঠ ২৪ গ্ৰাম সন্দেহজনক হেৰ'ইন জব্দ কৰিছে অনুসন্ধানকাৰী দলটোৱে । ইতিমধ্যে ঘটনা সন্দৰ্ভত গুৱাহাটী ৰেলৱে আৰক্ষী চকীত ৩১/২০১৯ নম্বৰত এন ডি পি এছ আইনৰ ধাৰা u/s ২০ (A)/২৯ ধাৰাত এটি গোচৰ ৰুজু হৈছে ।