শিলচৰ, 6 জুন : বিশ্ব পৰিবেশ দিৱস উপলক্ষে কাছাৰ জিলাৰ মাসীমপুৰ বি এছ এফ কেম্পত কাছাৰৰ উপায়ুক্ত কৃতী জ্বলি, বি এছ এফৰ আই জি সুনীল কুমাৰ আৰু জোৱানসকলে মিলি বিভিন্ন প্ৰকাৰৰ গছ পুলি ৰোপন কৰে । আই জি সুনীল কুমাৰে জানিবলৈ দিয়া অনুসৰি প্ৰায় দহ লাখ গছপুলি ৰোপনৰ পৰিকল্পনা কৰিছে তেওঁলোকে ।
![world environment day celebrate in bsf camp, silchar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7509181_480_7509181_1591479541304.png)
সমগ্ৰ বিশ্বতে পাঁচ জুন দিনটো বিশ্ব পৰিবেশ দিৱস হিচাপে পালন কৰা হয় ৷ এই বৰ্ষৰ বিশ্বৰ পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে "TIME OF NATURE" ৷ সকলোৱেই গছপুলি ৰোপনেৰে পৰিবেশ ৰক্ষাৰ বাবে পদক্ষেপ লোৱা পৰিলক্ষিত হয় পৰিবেশ দিৱসৰ ক্ষণত ৷ এই বৰ্ষত কৰ'ণা ভাইৰাছৰ বাবে মানৱ জাতিৰ জীৱন যাত্ৰা স্থৱিৰ হৈছে, যান-বাহনৰ চলাচল তথা কাৰখানা আদি বন্ধ হৈ পৰিছে ৷ যাৰ ফলত প্ৰদূসনৰ মাত্ৰা হ্ৰাস পাইছে আৰু ফলস্বৰূপে প্ৰাকৃতিক পৰিৱেশ কিছু পৰুমানে হ'লেও সতেজ হোৱা দেখা গৈছে ৷
লগতে পঢ়ক : দেৱাশীষ হত্যাকাণ্ডৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান বিধায়ক কুৰ্মীৰ