শিলচৰ, 9 মাৰ্চঃ আন্তৰ্জাতিক নাৰী দিৱসৰ পিছদিনাই শিলচৰত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা ৷ শিলচৰৰ ভোজনতিপুৰত নাৱৰ ওপৰত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ ৷ সোমবাৰে শিলচৰৰ ঘাগৰা নদীত থকা নাৱৰ ওপৰত অচিনাকী যুৱতীৰ মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য সৃষ্টি হৈছে সমগ্ৰ অঞ্চলজুৰি ৷ যুৱতীগৰাকীক কোনো দুৰ্বৃত্তই ধৰ্ষণ কৰি হত্যা কৰি নাৱত পেলাই থৈ যায় বুলি সন্দেহ প্ৰত্যক্ষদৰ্শীৰ ৷ ঘটনা সন্দৰ্ভত প্ৰত্যক্ষদৰ্শী তথা স্থানীয় লোকে আৰক্ষীক অৱগত কৰাৰ পাচত কাছাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জগদীশ দাসসহ অৰ্ধসামৰিক বাহিনী উপস্থিত হয় ঘটনাস্থলীত ৷
আনহাতে, ঘটনাস্থলীত জিলা দণ্ডাধীশ নৱনীতা হাজৰিকাই ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে যুৱতীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷
আৰু পঢ়কঃ ওৱান মেন পলিটিকছৰে চৰকাৰ চলাইছে হাগ্ৰামাইঃ আফজাল হক সৰকাৰ