শিলচৰ, 19 এপ্ৰিল : ৰাজ্যত ক্ৰমান্বয়ে ভয়াৱহভাৱে বৃদ্ধি পাব ধৰিছে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ ক’ৰণাৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন জিলাৰ প্ৰশাসনে ক’ভিড প্ৰ’টকল মানি চলাৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ একেদৰে শিলচৰ চহৰতো আৰক্ষীয়ে আৱাসীসকলক মাস্ক পিন্ধাটো বাধ্যতামূলক বুলি ঘোষণা কৰিছে ৷ একেদৰে সামাজিক দূৰত্ব বৰ্তাই ৰখাটোও বাধ্যতামূলক বুলি উল্লেখ কৰে কাছাৰ জিলা আৰক্ষীয়ে ৷ জিলাখনত ক’ৰণাত আক্ৰান্ত লোকৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে ।
কাছাৰ আৰক্ষীয়ে ঘোষণাটোত জিলাখনত ক’ৰণাত আক্ৰান্ত লোকৰ সংখ্যা পোৱাৰ বাবে মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে বুলি উল্লেখ কৰে । ঘোষণাটোত লগতে কোৱা হয় যে, এয়া স্পষ্ট যে, যেতিয়া সাধাৰণ ৰাইজে মুখা অবিহনে ঘূৰি ফুৰে তেতিয়া ৰোগটো দ্ৰুতগতিত বিয়পে । সেয়েহে, সাধাৰণ ৰাইজৰ সৰ্বোত্তম স্বাৰ্থৰ বাবে, এই সিদ্ধান্ত লোৱা হৈছে ৷ যদি কোনো লোকে এই নিৰ্দেশ উলংঘন কৰে, তেন্তে জৰিমনা আৰোপ কৰা হ'ব ৷ কাছাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জগদীশ দাসে উল্লেখ কৰা অনুসৰি, এই নিৰ্দেশ উলংঘন কৰা লোকসকলৰ ওপৰত 1000 টকাৰ জৰিমনা আৰোপ কৰা হ'ব ।
লগতে পঢ়ক : ডাঃ ভূমিধৰ বৰ্মনৰ মৃত্যু: অভিভাৱকহীন হৈ পৰিল অসম প্ৰদেশ কংগ্ৰেছ কমিটি