কৰিমগঞ্জ, 22 এপ্ৰিল : যুদ্ধ বিধ্বস্ত ইউক্ৰেনৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ভাৰতবৰ্ষত আশ্ৰয় ল’ব বিচাৰিছে নেকি ইউক্ৰেনৰ এচাম নাগৰিকে ? কৰিমগঞ্জৰ বদৰপুৰ ৰেল ষ্টেচনৰ পৰা নথি পত্ৰ বিহীন দুগাৰাকী ইউক্ৰেনৰ নাগৰিক আটক হোৱাৰ পিছত এতিয়া এই প্ৰশ্নৰ অৱতাৰণা হৈছে । বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত 14619 ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছ ট্ৰেইনৰ জৰিয়তে যাত্ৰা কৰি থকা সময়তে বদৰপুৰ ৰেল ষ্টেচনত ৰেল আৰক্ষীয়ে আটক কৰে ত্ৰিস্কিনস্কী ভল'ডিমিৰ আৰু নাজাৰি ভ'জনী নামৰ দুজন ইউক্ৰেইনৰ নাগৰিক (ukrainian arrested in badarpur train station ) ।
ইউক্ৰেইনৰ দুই নাগৰিকক আটক কৰাৰ পিছত ৰেল আৰক্ষীয়ে তেওঁলোকৰ পৰা বিচাৰিলে ভিজা-পাছপৰ্ট ৷ ইয়াৰ পিছত লোক দুগৰাকীয়ে দেখুৱাব নোৱাৰিলে কোনো বৈধ নথিপত্ৰ । ৰেল আৰক্ষীয়ে জনোৱা অনুসৰি, এওঁলোক ত্ৰিপুৰাৰ পৰা যাত্ৰা কৰিছিল । উল্লেখ্য যে, আটক হোৱা লোক দুজনৰ পৰা বাংলাদেশী টাকা উদ্ধাৰ হৈছে (Bangladeshi currency recovered from arrested ukrainian )।
এওঁলোক প্ৰায় এসপ্তাহ ত্ৰিপুৰাত আছিল । যোৱা ফেব্ৰুৱাৰী মাহত বাংলাদেশলৈ অহা দুই ইউক্ৰেনৰ যুৱকে আনকি এওঁলোকৰ পাছপৰ্ট হেৰাই গৈছে বুলিও আৰক্ষীক জানিব দিছে ৷ এইখিনিতে আকৌ প্ৰমাণিত হয় যে, ত্ৰিপুৰাৰ আন্তৰ্জাতিক সীমান্ত দেশৰ বাবে যে সুৰক্ষিত নহয় ৷ সঘনাই এই সীমান্তৰে ভাৰতত প্ৰৱেশ কৰাৰ পিছত ধৰা পৰে ৰোহিঙীয়া, নাইজেৰিয়ান আৰু বাংলাদেশী নাগৰিক । এইবাৰ ইউক্ৰেনৰ দুই নাগৰিক আটক হোৱাৰ পিছত পুনৰবাৰ এই ক্ষেত্ৰত সুৰক্ষাৰ প্ৰশ্নৰ অৱতাৰণা হৈছে ৷
লগতে পঢ়ক : গুৱাহাটীবাসীৰ নিৰাপত্তাৰ দিশত এটা প্ৰশ্নবোধক চিহ্ন আহিছে : সমুজ্জল ভট্টাচাৰ্য