শিলচৰ, 1 জুলাই : যোৱা 9 জুনত নিখোঁজ হোৱা দুই কণমানিক উদ্ধাৰৰ দাবীত শিশু সুৰক্ষা নাগৰিক কল্যান সমিতিয়ে শিলচৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সম্মুখত ধৰ্ণা প্ৰদৰ্শন কৰে ৷ ইয়াৰ পাছতে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ প্ৰদান কৰে সমিতিৰ সদস্যসকলে ৷ উল্লেখ্য যে, 9 জুনৰ দিনা মাতৃ সোমাবালা দাসৰ সৈতে সৌৰভ দাস (11) আৰু সুপ্ৰিয়া দাস (5) ঘৰৰ পৰা ওলাই গৈছিল যদিও ঘৰলৈ ঘূৰি নাহিল কণমানি দুটি ৷
প্ৰতিবাদকাৰীৰ মন্তব্য অনুসৰি ইয়াৰ পূৰ্বে অসম বিশ্ববিদ্যালয়ৰ পৰা ৫ বছৰীয়া তৃষাক অপহৰণ কৰা হৈছিল যদিও ধনী পৰিয়ালৰ সন্তান আছিল বাবে আৰক্ষীয়ে তৎপৰতাৰে উদ্ধাৰ কৰিছিল ৷ কিন্তু দুখীয়া পৰিয়ালৰ সন্তান বাবে সৌৰভ আৰু সুপ্ৰিয়াই আৰক্ষীৰ মনোযোগিতা লাভ কৰা বুলি দাবী কৰে প্ৰতিবাদকাৰীয়ে ৷