ETV Bharat / state

Rohingya people detained in Silchar : শিলচৰত আটক 26 গৰাকী ম্যানমাৰৰ নাগৰিক - শিলচৰত আটক 26 গৰাকী ম্যানমাৰৰ নাগৰিক

মধ্যভোগীৰ জৰিয়তে কাশ্মীৰৰ পৰা ৰাজধানী দিল্লী হৈ অসমত উপস্থিত হৈছিল 26 জনীয়া এটা ৰোহিংগীয়াৰ দল ৷ কিন্তু দলটোৱে শনিবাৰে ধৰা পৰে কাছাৰ আৰক্ষীৰ হাতত(Rohingya people detained in Silchar) ৷ এই 26 গৰাকী নাগৰিকৰ মাজত আছে 8 গৰাকী মহিলা, 6 গৰাকী পুৰুষ আৰু 12 টিকৈ শিশু ৷

twenty six rohingya people detained by Cachar police
শিলচৰত আটক 26 গৰাকী ম্যানমাৰৰ নাগৰিক
author img

By

Published : May 29, 2022, 12:10 PM IST

Updated : May 29, 2022, 2:54 PM IST

ডিমা হাছাও, 29 মে’: কাছাৰ জিলাত 26 গৰাকী ম্যানমাৰৰ নাগৰিকক আটক ৷ শনিবাৰে নিশা শিলচৰৰ পৰা এই লোকসকলক আটক কৰে কাছাৰ আৰক্ষী(Rohingya people detained in Silchar) য়ে ৷

জানিব পৰা মতে, গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত শনিবাৰে নিশা শিলচৰৰ চেণ্ট্ৰেল ৰোডত তিনিখন ইন’ভা গাড়ীৰ পৰা 26 গৰাকীকৈ ম্যানমাৰৰ নাগৰিক অথবা ৰোহিংগীয়াসকলক আটক কৰে কাছাৰ আৰক্ষীয়ে ৷ এই সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই 26 গৰাকী নাগৰিকৰ মাজত আছে 8 গৰাকী মহিলা, 6 গৰাকী পুৰুষ আৰু 12 টিকৈ শিশু ৷

তেওঁলোকে দীৰ্ঘদিনে কাশ্মীৰত বাস কৰাৰ পিছত শনিবাৰে উপস্থিত হৈছিল কাছাৰত ৷ দলটোৱে সদৰি কৰা অনুসৰি, এজন মধ্যভোগীৰ তৎপৰতাত তেওঁলোকে কাশ্মীৰৰ পৰা প্ৰথমতে ৰাজধানী দিল্লী আৰু তাৰপিছতে দিল্লীৰ পৰা ৰে’লযোগে আহে কামাখ্যা ষ্টেচনলৈ ৷

কিন্তু বিগত সময়ত হোৱা বান, ভূমিস্খলনৰ পিছত ৰে’লৰ চলাচল বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত দলটোৱে গুৱাহাটীৰ পৰা তিনিখন ইন’ভা বাহন ভাৰা কৰি শিলচৰলৈ আহিছিল ৷ সম্প্ৰতি আৰক্ষীয়ে দলটোক শিলচৰ থানাত ৰাখি জেৰা অব্যাহত(Twenty six rohingya people detained by Cachar police) ৰাখিছে ৷ জিলা আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰে এই সন্দৰ্ভত সদৰি কৰিছে কেতবোৰ তথ্য ৷

ম্যানমাৰৰ নাগৰিকক আটকৰ সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ মন্তব্য

লগতে চাওক: অসমত সোমাইছে বহু ৰোহিংগীয়া মুছলমান : শিৱনাথ শৰ্মা

Last Updated : May 29, 2022, 2:54 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.