ডিমা হাছাও, 4 জুন : শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত আটকাধীন ম্যানমাৰৰ নাগৰিক কেইজনক শুকুৰবাৰে জেৰা চলাই NIA তদন্তকাৰী দলে । শনিবাৰে নিশা কাছাৰত কাছাৰ আৰক্ষীয়ে আটক কৰে 26 গৰাকী ম্যানমাৰৰ নাগৰিকক (Rohingya people detained in Silchar) ৷ তাৰ পাচতে আৰক্ষীয়ে আটকাধীন ম্যানমাৰৰ নাগৰিক কেইজনক বন্দী কৰি ৰাখিছে শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত ৷
কাৰাবন্দী হৈ থকা ম্যানমাৰৰ নাগৰিক তথা ৰোহিংগীয়া কেইজনক জেৰা চলোৱাৰ বাবে শুকুৰবাৰে নেচনেল ইনভেষ্টিকেচন এজেন্সি (National Investigation Agency) চমুকৈ NIA ৰ তদন্তকাৰী এটা দল উপস্থিত হয় । তথ্য অনুসৰি, বৃহস্পতিবাৰে NIA দলটোৱে কাৰাগাৰত বন্দী ৰোহিংগীয়াসকলক জেৰা কৰাৰ বাবে আদালতৰ অনুমতি বিচাৰিছিল ৷
তাৰ পাচতেই আদালতে NIA দলটোক আটকাধীন মন্যানমাৰৰ নাগৰিকসকলক জেৰাৰ বাবে অনুমতি প্ৰদান কৰে (NIA interrogated Rohingya in Silchar)৷
আদালতৰ নিৰ্দেশ মৰ্মে NIA দলটোৱে শুকুৰবাৰে শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত প্ৰায় চাৰি ঘণ্টা ধৰি জেৰা চলাই আটকাধীন ম্যানমাৰৰ নাগৰিক কেইজনক । অৱশ্যে তদন্তৰ খাতিৰত তদন্তকাৰী NIA দলটোৱে সংবাদ মাধ্যমৰ আগত কোন ধৰণৰ মন্তব্য প্ৰদান কৰাৰ পৰা বিৰত থাকে ৷
আনহাতে, কাৰাবন্দী হৈ থকা ম্যানমাৰৰ নাগৰিক তথা ৰোহিংগীয়া কেইজনক কোনে কি উদ্দেশ্যেৰে অসমলৈ আনিছিল এই সকলো কথা তদন্তৰ অন্ততহে পোহৰলৈ আহিব ৷ তথ্য অনুসৰি, এই ঘটনাৰ লগত জড়িত আছে জাকিৰ হুছেইন আৰু ৰবিজুল আলি লস্কৰ নামৰ দুজন ব্যক্তি ৷
কিন্তু বৰ্তমান জাকিৰ হুছেইন আৰু ৰবিজুল আলি লস্কৰ পলাতক অৱস্থাত আছে । ইপিনে কাৰাগাৰত বন্দী হৈ থকা ৰোহিংগীয়া কেইজনৰ ভিতৰত আব্দুল মালিক (31)ক আৰক্ষীয়ে বিশেষ নজৰত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ অৱশ্যে সঠিক তদন্তৰ অন্ততহে এই সকলো কথা পোহৰলৈ আহিব ৷
লগতে পঢ়ক : Rohingya people detained in Silchar : শিলচৰত আটক 26 গৰাকী ম্যানমাৰৰ নাগৰিক