শিলচৰ, 29 ছেপ্তেম্বৰঃ শুকুৰবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে শিলচৰত উপস্থিত হয় ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংঘপ্ৰধান মোহন ভাগৱত ৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচাৰকৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ শিলচৰলৈ অহা আৰএছএছ প্ৰমুখগৰাকীয়ে বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত আশ্ৰয় লৈ আছে ৷ শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেখেতক সাক্ষাৎ কৰাৰ পিচত দেওবাৰে সংঘপ্ৰধানগৰাকীক সাক্ষাৎ কৰিবলৈ শিলচৰত উপস্থিত হয় ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ ৷
দেওবাৰে বিশেষ হেলিকপ্টাৰেৰে শিলচৰত উপস্থিত হয় ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ ৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংঘপ্ৰধান মোহন ভাগৱতক সাক্ষাৎ কৰাৰ লগতে এগৰাকী প্ৰাক্তন স্বেচ্ছাসেৱক হিচাপে সংঘপ্ৰধানৰ পৰা আশীৰ্বাদ ল'বলৈ এইদৰে হেলিকপ্টাৰেৰে শিলচৰত উপস্থিত হয় বিপ্লৱ দেৱ ৷
শিলচৰত উপস্থিত হৈ সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত এইদৰে উল্লেখ কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আনহাতে ত্ৰিপুৰাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰা প্ৰদ্যুত দে বৰ্মনক লৈ সোধা প্ৰশ্নৰ উত্তৰত সেয়া বিজেপিৰ দলীয় সিদ্ধান্ত বুলি প্ৰকাশ কৰে বিপ্লৱ দেৱে ৷ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে লগতে জনায় যে, ত্ৰিপুৰাক ভালপোৱা লোকসকলক বিজেপিয়ে স্বাগতম জনাব ৷ এগৰাকী ৰাজনৈতিক নেতা হিচাপে বিপ্লৱ দেৱে প্ৰদ্যুত দে বৰ্মনক সদায়ে সন্মান কৰি আহিছে বুলি উল্লেখ কৰি, কি দল গঠন কৰিব বা কোন দলত যোগদান কৰিব সেয়া তেওঁৰ নিজা বিষয় বুলি কয় ৷ কিন্তু বিজেপিত যোগদান কৰাটো বিপ্লৱ দেৱৰ নিজা সিদ্ধান্ত নহয়, সেয়া দলৰ উমৈহতীয়া সিদ্ধান্তৰ পিচতে ঠিক কৰা হ'ব বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷