ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা খবৰ - TOP TEN NEWS AT 11 AM

11 বজাৰ শীৰ্ষ দহটা খবৰ

TOP TEN NEWS AT 11 AM
TOP TEN NEWS AT 11 AM
author img

By

Published : Mar 22, 2022, 11:07 AM IST

খেৰণিত নাবালিকা ধৰ্ষণকাৰীক এনকাউন্টাৰ

পশ্চিম কাৰ্বি আংলঙত এনকাউন্টাৰত আহত ধৰ্ষণৰ অভিযুক্ত (Rape accused injured in encounter)৷ দুটিকৈ শিশুক ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত হৰিন্দ্ৰ ৰামক গুলীয়াই আহত কৰে আৰক্ষীয়ে ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই গুলীবিদ্ধ হয় অভিযুক্তটো ৷

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক অবৈধ আখ্যা ২৪ প্লাছ সংগঠনৰ

ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ সুবিধা অনুসৰি নিজাববীয়া নীতি অবিহনে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (Election of Karbi Anglong autonomous Council) অনুষ্ঠিত কৰিবলৈ লোৱা বুলি দাবী 24 প্লাছ সংগঠনৰ ৷ এই নিৰ্বাচন অবৈধ বুলি দাবী কৰে সংগঠনটোৰ মুখপাত্ৰগৰাকীয়ে ৷

পুনৰ আৰক্ষীৰ আতিশয্য: কিশোৰটিয়ে চিঞৰিছে, আৰক্ষীয়ে মাথো মাৰিছে আৰু মাৰিছে...

লাহৰীঘাটত বিস্কুট চুৰিৰ অপৰাধত থানাৰ ভিতৰত কিশোৰৰ ওপৰত উপৰ্যুপৰি বেটৰ কোব আৰক্ষীৰ (Police thrash minor for stealing biscuits in Morigaon)। থানাৰ আৰক্ষীয়ে বেতেৰে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে কিশোৰটিক । জানিব পৰা মতে কিশোৰটিৰ বয়স ১৩ ৰ পৰা ১৪ বছৰৰ ভিতৰত ।

Murder in Barpeta: ভগ্নীৰ সন্মুখতে হত্যা কৰা হ’ল যুৱতী অধিবক্তাক

বৰপেটাত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ ৰাজপথৰ ওপৰত জ্যেষ্ঠ ভগ্নীৰ সন্মুখতে হত্যাৰ বলি হ'ল এগৰাকী যুৱতী অধিবক্তা (Advocate murder in Barpeta)৷ তিনিজনীয়া দুৰ্বৃত্তৰ দলে চুৰীৰে হানি-খুঁচি হত্যা কৰে যুৱতী অধিবক্তাগৰাকীক ৷ হত্যাৰ বলি হোৱা অধিবক্তাগৰাকী ৰিণিমা বেগম ৷ বৰপেটাৰ সমীপৰ ভেল্লাত ঘৰ ৰিনিমা বেগমৰ ৷

১ এপ্ৰিলৰ পৰা ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুৎ মাচুল

ল্যবৃদ্ধিয়ে কোঙা কৰা জনতাৰ মূৰত পুনৰ মূলবৃদ্ধিৰ মাধমাৰ । উৎকট গৰমৰ মাজতে ১ এপ্ৰিলৰ পৰা ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুৎ মাচুল । ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিৰিখ । লোকচানৰ জোৰা-টাপলি মাৰিবলৈ মাচুল বৃদ্ধিত অনুমতি বিদ্যুৎ মাচুল নিয়ামক আয়োগৰ (power charges rise in Assam) ।

ওৰাং ৰাষ্টীয় উদ্যানত ২০২২ বৰ্ষৰ গড় গণনা সম্পূৰ্ণ

১৯৯৯ চনৰ ১৩ এপ্ৰিলত ৰাষ্টীয় উদ্যান হিচাপে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ওৰাং ৰাষ্টীয় উদ্যানত ২০২২ বৰ্ষৰ গড় গণনা সম্পূৰ্ণ(Rhino census of Orang National Park) । উদ্যানখনত বৃদ্ধি পালে ২৪ টাকৈ গড় (Rhino Population Increases at Orang National Park) । ইয়াৰ পূৰ্বে উদ্যানখনত আছিলে ১০১ টা গড় । কিন্তু এইবাৰ গণনাত পোৱা গ'ল মুঠ ১২৫ টা গড় ৷

পুনৰ হৰ্চ ট্ৰেডিঙৰ প্ৰসংগ : কি জটিল অংক চলিছে ৰাজ্যৰ ৰাজনীতিত ?

শেহতীয়াকৈ ৰাজ্যসভা নিৰ্বাচনৰ প্ৰসংগ অহাৰ লগে লগে পুনৰ বিৰোধী বিধায়কৰ সমৰ্থনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ জয় হ’ব বুলি দাবী কৰিছে মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ নেতা মন্ত্ৰী সকলে ৷ ইয়াকেলৈ এতিয়া উদ্বিগ্ন হৈ পৰা দেখা গৈছে কংগ্ৰছ তথা বিৰোধী শক্তিৰ নেতৃত্বক (Horse Trading allegation by congress) ৷ পুনৰ সৰৱ চৰ্চাৰ বিষয়বস্তু হৈ পৰিছে হৰ্চ ট্ৰেডিং অথবা বিধায়ক কিনা-বেচাৰ প্ৰসংগ ৷

নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত মহিলা অভিযন্তাক অশালীন ব্যৱহাৰ

নুমলীগড় শোধনাগাৰত সোমবাৰে সংঘটিত হয় এক লজ্জাজনক ঘটনা ৷ শোধনাগাৰত ঠিকাভিত্তিত কাৰ্যত নিয়োজিত হৈ থকা এগৰাকী অভিযন্তাই শোধনাগাৰৰ ভিতৰলৈ প্ৰৱেশ কৰাৰ পথত তালাচীৰ নামত এজন চিআইএচএফৰ জোৱানে অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে (Molesting of woman employee at Numaligarh Refinery) ৷

এন বীৰেণ সিঙৰ বাবে জটিল প্ৰত্যাহ্বান হ'ব ৰহিংগীয়া-মণিপুৰীৰ সংঘাত

দ্বিতীয় বাৰৰ বাবে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱা এন বীৰেণ সিঙৰ বাবে ৰোহিংগীয়া শৰণাৰ্থীৰ লগত মোকাবিলা কৰাতো হৈ পৰিব প্ৰথম প্ৰত্যাহ্বান (Rohingya migrants in Manipur) । ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ আসনখনৰ বাবে আজি দ্বিতীয় বাৰলৈ শপত লোৱা এন বীৰেণ সিঙলৈ এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পৰা আহিছে বিশেষ নিৰ্দেশনা ।

Police assaulting civilian in Guwahati: জামিন লাভ কৰিলে বিকি প্ৰসাদ গুপ্তাই

বিকি প্ৰসাদ গুপ্তাৰ জামিন মঞ্জুৰ । কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জামিন মঞ্জুৰ কৰিলে বিকি গুপ্তাৰ (Court grants bail to Biki Gupta)। পল্টনবজাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিযয়া আৰু তদন্তকাৰী বিষয়া উপস্থিত আছিল আদালতত ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.