ড৹ নগেন শইকীয়াক অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈ ক'লে পৰেশ বৰুৱাই
বৰাক সন্দৰ্ভত ড৹ নগেন শইকীয়াই কৰা মন্তব্যৰ কঠোৰ সমালোচনা আলফা স্বাধীনৰ সভাপতি পৰেশ বৰুৱাৰ । ড৹ শইকীয়াই অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগে । বৰাকত অসমীয়া ভাষা চলিবই ৷ বাংলা ভাষা সহযোগী ভাষাহে ৷
টী 20 বিশ্বকাপ : ৱেষ্ট ইণ্ডিজক 6 উইকেটত পৰাস্ত কৰিলে ইংলেণ্ডে
চলিত টী 20 বিশ্বকাপৰ চুপাৰ 12 ৰ গ্ৰুপ প্ৰথমখন মেচত শনিবাৰে ৱেষ্ট ইণ্ডিজক 6 উইকেট পৰাস্ত কৰে ইংলেণ্ডে ৷ ৱেষ্ট ইণ্ডিজে আটাইকেইটা উইকেট হেৰুৱাই 55 ৰাণ সংগ্ৰহ কৰে ৷
টী 20 বিশ্বকাপ : আজি সমুখ সমৰত চিৰবৈৰী ভাৰত-পাকিস্তান
50 অভাৰৰ বিশ্বকাপৰ দৰে টী 20 বিশ্বকাপতো আজিপৰ্যন্ত পাকিস্তানৰ বিৰুদ্ধে অজেয় হৈ আছে ভাৰত ৷ টী 20 বিশ্বকাপত ইয়াৰ পূৰ্বেও পাঁচবাৰ দুয়োটা দল মুখামুখি হৈছে, য’ত ভাৰতে প্ৰতিখন মেচতে জয় লাভ কৰি আহিছে ৷
আক্ৰমণকাৰীক কৌশলেৰে প্ৰতিহত কৰি কাশ্মীৰ দখলত ভাৰতীয় সেনাক কেনেকৈ সহায় কৰিছিল মকবুলে ?
১৯৪৭ চনৰ ২২ অক্টোবৰত পাকিস্তানৰ জনজাতীয় আক্ৰমণকাৰীসকলে লক্ষ্য কৰি লৈছিল কাশ্মীৰক ৷ সেই সময়ত আক্ৰমণকাৰীসকলক কৌশলেৰে প্ৰতিৰোধ কৰিছিল কাশ্মীৰৰ 22 বছৰীয়া চফল ডেকা মকবুল শ্বেৰৱানীয়ে ৷ জানো আহক মকবুল শ্বেৰৱানীৰ ত্যাগ আৰু সাহসৰ অমৰ কাহিনী ৷
তিনি দিনৰ আৰক্ষীৰ জিম্মালৈ বৰাগাঁও হত্যাকাণ্ডৰ অভিযুক্ত দেৱযানী দাস
শনিবাৰে CJM আদালতত হাজিৰ কৰা হয় বৰাগাঁও হত্যাকাণ্ডৰ মূল অভিযুক্ত দেৱযানী দাসক । ইয়াৰ পাচতে দেৱযানী দাসক তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে আদালতে ৷ আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, দেৱযানী দাস আৰু অন্তিমা গুপ্তাৰ মাজত কিবা কথাক লৈ কাজিয়াৰ সূত্ৰপাত হৈ মাৰপিট হয় । দেৱযানী দাসে লোৰৰ এডাল লাঠিৰে অন্তিমা গুপ্তাক মূৰত প্ৰহাৰ কৰাত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হৈ পৰৱৰ্তী সময়ত মৃত্যুক আঁকোৱালী লয় অন্তিমা গুপ্তাই ৷
ভবানীপুৰত ফনী তালুকদাৰৰ হৈ চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্বাচনী প্ৰচাৰ
ভবানীপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী ফনীধৰ তালুকদাৰ হৈ নিৰ্বাচনীয় প্ৰচাৰ চলাই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । মন্ত্ৰী পাটোৱাৰীয়ে ৰাজ্য চৰকাৰৰ উন্নয়নৰ ঢাক ঢোল কোবাই ৰাজ্যৰ উপ নিৰ্বাচনত পাঁচটা সমষ্টিতে বিজেপি প্ৰাৰ্থী বিজয়ী হ’ব বুলি দাবী কৰে ৷ তেওঁ এ আই ইউ ডি এফৰ প্ৰধান বদৰুদ্দিন আজমলে, কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে ।
ভাৰত বাংলাদেশ সীমান্তত বজৰং দলৰ প্ৰতিবাদ
বাংলাদেশত হিন্দুলোকৰ ওপৰত চলোৱা আক্ৰমণৰ প্ৰতিবাদ জনাই শনিবাৰে বজৰং দলে কৰিমগঞ্জৰ বাংলাদেশ সীমান্তলৈ গৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ বজৰং দলৰ সদস্যসকলে কৰিমগঞ্জ জিলাত এক প্ৰতিবাদী সমদল বাহিৰ কৰি কুশিয়াৰা নদীৰ ভাৰত বাংলাদেশ সীমান্তৰ কাষত উপস্থিত হয় । তেওঁলোকে সেইস্থানৰ পৰা মাইকযোগে বাংলাদেশক ভাৰতে পানী, ৰপ্তানী বন্ধ কৰি দিলে নাখাই মৰিব বুলি সকীয়াই দিয়ে ।
জোনাইৰ ঐতিহ্যমণ্ডিত ৰজাখানা পুখুৰীক পৰ্যটনস্থলী হিচাপে গঢ়াৰ দাবী আছুৰ
জোনাই মহকুমাৰ ঐতিহ্যমণ্ডিত ৰাজাখানা পুখুৰী পৰিদৰ্শন কৰিবলৈ শনিবাৰে উপস্থিত হ’ল সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা উদ্দীপ জ্যোতি গগৈ, মুখ্য সাংগঠনিক সম্পাদক অভিবৰ্তন গোস্বামী সহ এটা বৃহৎ সজাতি দল ৷ জোনাইৰ ঐতিহ্যমণ্ডিত ৰজাখানা পুখুৰীক সংৰক্ষণ তথা পুনৰ নিৰ্মাণ কৰি পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ নতুন চৰকাৰৰ পৰ্যটন আৰু পুৰাতত্ত্ব বিভাগৰ ওচৰত দাবী জনাই সদৌ অসম ছাত্ৰ সন্থাই ৷
ডি কে পাটনায়কে পৰিদৰ্শন কৰিলে পাছিঘাটৰ এডভান্স লেংডিং গ্ৰাউণ্ড
ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ এয়াৰ অফিচাৰ ইন কামণ্ডিং ডি কে পাটনায়কে শনিবাৰে অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ এডভান্স লেংডিং গ্ৰাউণ্ড পৰিদৰ্শন কৰে । ইয়াৰ পাচতে অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ বায়ুসেনাৰ এডভান্স লেণ্ডিঙৰ লগত জড়িত বায়ুসেনাৰ বিষয়া সকলৰ লগত এক আলোচনাত মিলিত হয় ৷
এইবাৰ অসম আয়ুৰ্বেদিক প্ৰডাক্টচক ব্যক্তিগতকৰণৰ যো-জা চৰকাৰৰ
বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত ৰাজ্যৰ ৰাজহুৱা খণ্ডসমূহলৈ নামি আহিছে বিপদঘন্টা । ৰাজ্যৰ এটাৰ পিছত আন এটা ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগতকৰণ কৰিব বিচৰা কাৰ্যই ব্যাপক চৰ্চা লাভ কৰিছে । শেহতীয়াকৈ ব্যক্তিগতকৰণৰ দিশে আগবাঢ়িছে গুৱাহাটীৰ বামুণীমৈদামস্থিত উত্তৰ পূৱৰ একমাত্ৰ আয়ুৰ্বেদিক প্ৰতিষ্ঠান অসম আয়ুৰ্বেদিক প্ৰডাক্টচক ।