ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jul 5, 2022, 6:56 PM IST

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

Covid in India: ভাৰতত কোভিডত মৃত্য়ুৰ সংখ্যা ৫,২৫,২৪২ লৈ বৃদ্ধি

ভাৰতত কোভিড-19 ত আক্ৰান্ত ৰোগীৰ মুঠ সংখ্যা 4,35,31,650 লৈ বৃদ্ধি হৈছে (COVID cases increased India)। আনহাতে,ৰোগৰ পৰা উপশম লাভ কৰাৰ হাৰ ৯৮.৫৩ শতাংশ বুলি সদৰি কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ।

Murder in Dhuburi : চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কিশোৰক

ধুবুৰীৰ ৰূপসীত জঘন্য হত্যাকাণ্ড (Murder in Dhuburi)। এগৰাকী 15 বছৰীয়া কিশোৰক হানি খুচি হত্যা কৰাৰ অভিযোগ আত্মীয়ৰ । ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে এক উত্তেজনাময় পৰিৱেশৰ ৷

আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখৰ পৰাই বাইক লৈ উধাও চোৰ

মঙলবাৰে দিন-দুপৰতে নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা হাফিজুৰ ৰহমান নামৰ এগৰাকী শিক্ষকৰ বাইক চুৰিৰ ঘটনা সংঘটিত হোৱা কাৰ্যই নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Bike stolen from front of Nagaon SP office) । নগাঁৱত আৰক্ষীকো যেন কেৰেপ নকৰা হৈছে অপৰাধীয়ে । আন ঠাই বাদেই খোদ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখতে চলিছে অপৰাধীৰ দপদপনি ।

চোৰাং ব্যৱসায়ীৰে মিতিৰালি ! বিভাগৰ কাৰ্যালয়ৰ সন্মুখৰ পৰাই অন্তৰ্ধান জব্দকৃত চোৰাং কাঠসহ নাও

জোনাইৰ বন বিভাগৰ(Jonai Forest Range Division) বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ ৷ কাঠৰ চোৰাং ব্যৱসায়ীৰে বন বিভাগৰ লোকৰ মিতিৰালিৰ অভিযোগ উত্থাপন কৰিছে দল-সংগঠন, স্থানীয় লোকে ৷ 1 জুলাইত স্থানীয় সংগঠনৰ সদস্যৰ লগতে একাংশ সাংবাদিকে জব্দ কৰা কাঠসহ এখন নাও বন বিভাগে মুকলি কৰি দিয়াৰ পাচতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জোনাইত ৷

আলফা-চৰকাৰৰ শ‍ান্তি আলোচনা প্ৰক্ৰিয়াত স্থবিৰতা

শেহতীয়াকৈ আলফাৰ বিৰুদ্ধে সেনা-আৰক্ষীয়ে অভিযান আৰম্ভ কৰাৰ পাছতেই প্রস্তাৱিত শান্তি আলোচনা প্ৰক্ৰিয়াত সদিচ্ছা নোহোৱা হৈ পৰা বুলি মুকলিকৈ ঘোষণা কৰিছে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই (Goodwill disappeared in proposed ULFA-Government peace talks) । ৰাজ্যৰ বহু যুৱক-যুৱতীয়ে আলফাত যোগদান কৰাত শিবিৰ চলাবলৈ ধন নথকাৰ বাবে অস্ত্রসহ একাংশ কেডাৰ ম্যানমাৰৰ পাহাৰৰ পৰা নামি আহি ধন সংগ্ৰহৰ চেষ্টা চলোৱাৰ অভিযোগ আৰক্ষীৰ ।

Money Laundering: আজম খানৰ পত্নী-পুত্ৰক ইডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ

সমাজবাদী পাৰ্টিৰ নেতা আজম খানৰ পত্নী আৰু পুত্ৰক ধন ৰপ্তানিৰ গোচৰত সোধা-পোছাৰ বাবে উপস্থিত হ'বলৈ নিৰ্দেশ তদন্তকাৰী সংস্থা প্ৰৱৰ্তন সঞ্চালকালয়ৰ( Enforcement Directorate)।

Punjab cabinet expansion: ভগৱত মনৰ মন্ত্ৰীসভাত স্থান লাভ কৰিলে 5 জন নতুন মন্ত্ৰীয়ে

মঙলবাৰে সম্প্ৰসাৰণ কৰা হ’ল পঞ্জাৱৰ আপ চৰকাৰৰ মন্ত্ৰীসভা (Punjab cabinet expansion)৷ মন্ত্ৰীসভাত স্থান লাভ কৰিলে 5 জন নতুন মন্ত্ৰীয়ে ৷

গুৱাহাটীৰ পৰা গোপনে আহি গুজৰাটত মিলিত হৈছিল সিন্দে-ফাড়নাভিছ

সকলো বিধায়ক ৰেডিশ্বনত শুই থাকোঁতেই সিন্দেয়ে গুজৰাটত লগ কৰিছিলগৈ ফাড়নাভিছক ৷ তাৰ পাচতেই আৰম্ভ হৈছিল ঠাকৰে চৰকাৰক বগৰোৱাৰ ষড়যন্ত্ৰ ৷ এই কথা প্ৰকাশ কৰিলে একনাথ সিন্দেয়ে (Maharashtra politics)৷

Edgbaston Test racism : বৰ্ণবাদৰ বলি ভাৰতীয় অনুৰাগী, আৰম্ভ হৈছে তদন্ত

সোমবাৰে ভাৰত আৰু ইংলেণ্ডৰ মাজল চলি থকা টেষ্টৰ মাজতে ভাৰতীয় একাংশ দৰ্শক বৰ্ণবাদৰ বলি হয় (Indian fans are victims of racism during Ind vs Eng test)। টুইটযোগে আন দৰ্শকসকলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগীয়ে । ইয়াৰ পাছতে ইংলেণ্ড ক্ৰিকেট ব'ৰ্ড সষ্টম হৈ উঠিছে । সমগ্ৰ ঘটনা তদন্ত আৰম্ভ হৈছে ।

কাৰিকৰী বিজুতিৰ বাবে ডুবাই অভিমুখী স্পাইচজেটৰ বিমানৰ কৰাচীত জৰুৰী অৱতৰণ

স্পাইচজেটৰ বি-737 বিমান সেৱাই পৰিচালনা কৰা দিল্লী-ডুবাই এছজি-11 বিমানখনত এই বিজুতি ঘটে । জানিব পৰা মতে, বিমানখনৰ ইণ্ডিকেটৰ লাইট বিকল হৈ পৰে (SpiceJet aircraft diverted to Karachi safely landed)। ফলত বিমানখনৰ গতিপথ কৰাচীলৈ পৰিৱৰ্তন কৰি তাত জৰুৰী অৱতৰণ কৰোৱা হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.