ETV Bharat / state

Prisoners escape from Silchar jail : শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ জেইলাৰসহ দুই ৱাৰ্ডেনক নিলম্বন

author img

By

Published : May 13, 2023, 12:44 PM IST

শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা দুটাকৈ অপৰাধী পলায়ন কৰাৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত হ’ল তিনিজনকৈ কৰ্মচাৰী ৷ 10 মে’ৰ দিনা শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পলায়ন কৰিছিল দুই কুখ্যাত অপৰাধী হিফজুৰ আৰু দীপ নুনিয়া ৷ ইয়াৰ পিচতে বৰ্খাস্ত কৰা হয় জেইলাৰসহ ৱাৰ্ডেন (Three employees dismissed in Silchar central jail) ৷

escape from Silchar jail latest update
তিনিজনক বৰ্খাস্ত

কৰিমগঞ্জ, 13 মে’ : নাজ হত্যাৰ কুখ্যাত অপৰাধী হিফজুৰ আৰু দীপ নুনিয়াৰ পলায়নৰ গোচৰত জেইলাৰসহ দুজন ৱাৰ্ডেনক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় । উল্লেখ্য যে, বিগত 10 মে’ৰ দিনা শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পলায়ন কৰিছিল আজীৱন কাৰাদণ্ডৰে দণ্ডিত হৈ কেন্দ্ৰীয় কাৰাগাৰত থকা দুই অপৰাধীয়ে ৷ অপৰাধী দুটা হ’ল দীপ নুনিছা আৰু হিফজুৰ ৰহমান (Two prisoners escape from Silchar jail) ৷

শেহতীয়াকৈ নিৰাপত্তাজনিত কাৰণৰ বাবে কৰিমগঞ্জ জিলা কাৰাগাৰৰ পৰা শিলচৰ কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছিল কয়দী হিফজুৰক । কিন্তু ইয়াৰ পিচতে চেগ বুজি সিন্ধি খান্দি পলায়ন কৰিবলৈ সক্ষম হয় ৷ বুধবাৰে নিশা কাৰাগাৰৰ দেৱালৰ তলেৰে সুৰংগ খান্দি পলায়ন কৰে আজীৱন কাৰাদণ্ডৰে দণ্ডিত দুই কয়দীয়ে (Two prisoners escaped) ।

সম্প্ৰতি মুকলি আকাশৰ তলত থকা দুই অপৰাধীৰ বাবে নিৰাপত্তাহীনতাত ভুগিছে বৰাক উপত্যকাবাসীয়ে ৷ সম্প্ৰতি সমগ্ৰ উপত্যকাবাসীকে আতংকিত কৰি ৰাখিছে কুখ্যাত অপৰাধী হিফজুৰ আৰু দীপে । কৰ্তব্যৰ ক্ষেত্ৰত গুৰুতৰ গাফিলতি কৰাৰ বাবে জেইলাৰ সুদীপ বেনাৰ্জীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় ৷ ইয়াৰ লগতে দুই ৱাৰ্ডেন পৰিমল কান্তি ধৰ আৰু আজিম উদ্দিনকো চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে বুলি জানিবলৈ পৰা গৈছে ৷ কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষৰ নিৰ্দেশমৰ্মে তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় (escape from Silchar jail latest update) ৷

উল্লেখনীয় যে, বুধবাৰে দুপৰীয়া 2 বজাৰ পৰা বৃহস্পতিবাৰৰ পুৱা 5 বজালৈকে পৰিমল কান্তি ধৰ আৰু আজিম উদ্দিন লস্কৰ নামৰ ৱাৰ্ডেন দুগৰাকী কাৰাগাৰত পহৰা দিয়াৰ দায়িত্বত আছিল আৰু উক্ত দিনা ৰাতিপুৱা প্ৰায় 3 বজাত হিফজুৰ আৰু দীপে পলায়ন কৰে বুলি বিভাগীয় কৰ্তৃপক্ষই সন্দেহ ব্যক্ত কৰিছে । বৰ্তমানেও কোনো সন্ধান উলিয়াব পৰা নাই দুই অপৰাধীৰ ৷

এই ঘটনাৰ পিচতে কেন্দ্ৰীয় কাৰাগাৰৰ নিৰাপত্তা ব্যৱস্থাক লৈও সন্দেহৰ আঙুলি উঠা দেখিবলৈ পোৱা গৈছে ৷ পলাতক হিফজুৰ ৰহমানৰ ঘৰ কৰিমগঞ্জ জিলাৰ ভাংগাত আৰু দীপ নুনিয়া শিলচৰ চহৰৰ সমীপৰ ঘুংঘুৰৰ বাসিন্দা বুলি জানিব পৰা হৈছে । 2011 বৰ্ষত কৰিমগঞ্জত সংঘটিত নাজ হত্যাকাণ্ডত দোষী সাব্যস্ত হৈ কাৰাবাস খাটি আছিল হিফজুৰ আৰু দীপ নুনিয়াই ।

লগতে পঢ়ক : Two prisoners escaped: শিলচৰ কাৰাগাৰৰ পৰা পলায়ন দুই কয়দী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.