ETV Bharat / state

Bangladeshi citizen detained: ম’হ নিবলৈ আহিছিল ভাৰতলৈ !

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 2:24 PM IST

কাছাৰৰ কাটিগড়াত তিনি বাংলাদেশী নাগৰিকক আটক ৷ ভাৰতৰ পৰা চোৰাংকৈ ম’হ বাংলাদেশলৈ লৈ যোৱাৰ উদ্দেশ্যে অবৈধভাৱে প্ৰৱেশ কৰিছিল বাংলাদেশী লোককেইজন ।

Bangladeshi citizen detained
তিনি বাংলাদেশী নাগৰিকক আটক

তিনি বাংলাদেশী নাগৰিকক আটক

শিলচৰ, 6 নৱেম্বৰ : বাংলাদেশৰ পৰা অবৈধভাৱে সীমা পাৰ হৈ আহি ভাৰতত নীতিবৰ্হিভূত কামত লিপ্ত হোৱা বাংলাদেশী লোকৰ অভাৱ নাই ৷ আৰক্ষীয়ে এনে লোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছে যদিও বন্ধ হোৱা নাই দেশলৈ বাংলাদেশীৰ আগমণ ৷ শেহতীয়াকৈ কাছাৰৰ কাটিগড়াত তিনি বাংলাদেশৰ নাগৰিকক আটক কৰা হয় । ভাৰত-বাংলাদেশ সীমান্তৰ কাছাৰৰ কাটিগড়া কিন্নখাল বজাৰৰ পৰা নিশা গাঁওৰক্ষী বাহিনীয়ে আটক কৰে বাংলাদেশী লোককেইজনক ।

কাছাৰ আৰক্ষীৰ তথ্য মতে, দেওবাৰৰ নিশা ভাৰত-বাংলাদেশ সীমান্তৰ কাটিগড়া কিন্নখাল বজাৰত তিনিজনকৈ লোকক ঘূৰা-ফুৰা কৰি থকা দেখি সন্দেহ হয় স্থানীয় কৰ্তব্যৰত গাঁওৰক্ষী বাহিনীৰ । সন্দেহবশতঃ গাঁওৰক্ষী বাহিনীয়ে আটক কৰে লোক তিনিজনক । পিছে সোধপোছ কৰোঁতেহে ওলাল আচল ৰহস্য ।

গাঁওৰক্ষীৰ সোধ-পোছত আটক হোৱা তিনিজন লোকে স্বীকাৰ কৰে যে তেওঁলোক বাংলাদেশৰ নাগৰিক ৷ কাছাৰৰ পৰা চোৰাংকৈ ম’হ বাংলাদেশলৈ লৈ যোৱাৰ উদ্দেশ্যে তেওঁলোকে অবৈধভাৱে প্ৰৱেশ কৰিছিল ভাৰতত । আটক হোৱা বাংলাদেশী কেইজনৰ এনে স্বীকাৰোক্তিৰ পাচত গাঁওৰক্ষী বাহিনীয়ে আৰক্ষীৰ হাতত গতাই দিয়ে তিনিওকে ।

ধৃত বাংলাদেশী তিনিজনৰ পৰা উদ্ধাৰ হৈছে চোকা অস্ত্ৰসহ বহু আপত্তিজনক সামগ্ৰী । উল্লেখ্য যে, কাছাৰৰ কাটিগড়াৰ ভাৰত-বাংলাদেশ সীমান্তৰ পৰা প্ৰতিদিনেই চোৰাংভাৱে ম’হ বাংলাদেশলৈ সৰবৰাহ হৈ থকাৰ অভিযোগ দীৰ্ঘদিনীয়া । নিশা হ’লেই একাংশ বাংলাদেশীয়ে সীমান্ত পাৰ হৈ অবৈধভাৱে কাছাৰত প্ৰৱেশ কৰে আৰু কাছাৰৰ পৰা ম’হলৈ পুনৰ যায় বাংলাদেশলৈ ৷

ইতিপূৰ্বে একাধিকবাৰ এনে ঘটনা ধৰাও পৰিছে ৷ বাংলাদেশী এই চোৰাং সৰবৰাহকাৰী চক্ৰৰ লগত কাছাৰ সীমান্তৰ একাংশ লোক জড়িত বুলি অভিযোগৰ আঙুলি উত্থাপন হৈ আহিছে । কিন্তু ৰহস্যজনকভাৱে আৰক্ষীয়ে উৎখাত কৰিব পৰা নাই এই সৰবৰাহকাৰী চক্ৰটোক ।

লগতে পঢ়ক : Lovestory: স্বামী-পুত্ৰ এৰি এখন দেশৰ পৰা আন এখন দেশৰ প্ৰেমিকৰ ওচৰলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.