ETV Bharat / state

আশ্ৰয় শিবিৰত ক্ষণ গণিছে লায়পুৰৰ শতাধিক পৰিয়ালে

author img

By

Published : Oct 20, 2020, 7:13 PM IST

Updated : Oct 20, 2020, 7:58 PM IST

অসম-মিজোৰাম সীমা বিবাদৰ ফলত শনিবাৰে যি ঘটনা সংঘটিত হৈছে তাৰ বাবে অস্থায়ী শিবিৰত আশ্ৰয় লৈছে সীমান্ত এলেকাৰ বহু অসমীয়া পৰিয়ালে ৷ লায়লাপুৰত আবদ্ধ হৈ পৰিছে হাজাৰ হাজাৰ ট্ৰাক ৷

Tensions on Assam-Mizoram border
Tensions on Assam-Mizoram border

শিলচৰ, 20 অক্টোবৰ : শনিবাৰে নিশা অসম মিজোৰাম সীমান্তৱৰ্তী লায়পুৰত মিজো দুষ্কৃতিকাৰীৰ আক্ৰমণত সৰ্বহাৰা হৈ এতিয়া এটা অস্থায়ী শিবিৰত আশ্ৰয় লৈছে সীমান্ত এলেকাৰ বহু অসমীয়া পৰিয়ালে ৷ লায়লাপুৰ প্ৰাথমিক বিদ্যালয়ত প্ৰায় ২০টা পৰিয়ালৰ ১০০ জন লোকে আশ্ৰয় লৈছে ৷ মিজো দুষ্কৃতিকাৰীয়ে এইসকল অসমীয়া লোকৰ ঘৰদুৱাৰ, দোকান-পোহাৰ জ্বলাই দিয়াৰ পাচত অসহায় হৈ পৰিছে এই সকল লোক ৷ অস্থায়ী শিবিৰত অশেষ কষ্টত দিন কটাইছে তেওঁলোকে ৷ নিজৰ দুখৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে এইসকল লোকে ৷

ইপিনে অসম-মিজোৰাম সীমা বিবাদৰ ফলত শনিবাৰে যি ঘটনা সংঘটিত হৈছে তাৰবাবে লায়লাপুৰত হাজাৰ হাজাৰ ট্ৰাক আবদ্ধ হৈ পৰিছে ৷ বিভিন্ন সামগ্ৰী লৈ মিজোৰামলৈ যোৱাৰ সময়ত প্ৰায় তিন দিন ধৰি আবদ্ধ হৈ আছে এই সমূহ ট্ৰাক ৷ ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে চালক আৰু হেণ্ডিমেন সকলৰ মাজত ৷ তিনিদিনধৰি পথত আবদ্ধ হৈ থকাৰ ফলত বহু অসুবিধাৰ সম্মুখীন হ’বলগীয়া হৈছে এওঁলোক ৷

আশ্ৰয় শিৱিৰত ক্ষণ গণিছে লায়পুৰৰ শতাধিক পৰিয়ালে

আনহাতে, সীমান্তবৰ্তী এলেকা লায়পুৰত এতিয়াও উত্তেজনা শাম কটা নাই ৷ এতিয়াও মিজো আৰক্ষীৰ দখলত অসমৰ পাঁচ কিলোমিটাৰ ভূমি ৷ অস্ত্ৰশস্ত্ৰ লৈ মিজো আৰক্ষীয়ে টহল দিছে এলেকাটোত ৷ আনহাতে সমগ্ৰ পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে আলোচনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ সকলো প্ৰকাৰে সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷

লগতে পঢ়ক : জুইৰ শিখাৰে অংকণ বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবি

Last Updated : Oct 20, 2020, 7:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.