ETV Bharat / state

গুৱাহাটী বিমানবন্দৰত গ্ৰেপ্তাৰ কাছাৰৰ দুই চুপাৰি মাফিয়া

author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 10:49 PM IST

Crime in Assam: ৰাজ্যত অন্য প্ৰান্তৰ সমান্তৰালভাৱে বিশেষকৈ কাছাৰত অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ ছিণ্ডিকেট ৷ বিগত কিছুদিনৰ পৰা সঘনে কাছাৰ আৰক্ষীয়ে কাছাৰৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ কৰিছে বাৰ্মিজ চুপাৰি ৷ এইবাৰ আৰক্ষীৰ জালত পৰিল চুপাৰি মাফিয়া ।

Crime in Assam
কাছাৰত অব্যাহত বাৰ্মিজ চুপাৰিৰ ছিণ্ডিকেট

শিলচৰ, ৮ জানুৱাৰী: অবৈধ ব্যৱসায়, ছিণ্ডিকেট বন্ধ কৰি সংস্কাৰ সাধনৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চেষ্টা চলালেও ৰাজ্যত প্ৰকৃততে ছিণ্ডিকেট বন্ধ হৈছে নে তাক লৈ ৰাইজৰ মাজত চৰ্চা হৈছে । চৰকাৰে এইক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলেও ৰাজ্যৰ চুকে-কোণে এতিয়াও অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ অবৈধ ব্যৱসায় ৷ ইয়াৰ মাজতেই কাছাৰ আৰক্ষীয়ে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে দুই চুপাৰি মাফিয়া ।

গুৱাহাটী বিমানবন্দৰৰ পৰা কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এই দুই চুপাৰি মাফিয়াক । তেল টেংকাৰত বাৰ্মিজ চুপাৰি সৰবৰাহ কৰাৰ অভিযোগত আৰক্ষীয়ে কাছাৰৰ কালাইনৰ দুই চুপাৰি মাফিয়াক গ্ৰেপ্তাৰ কৰে । ধৃত চুপাৰি মাফিয়া দুটা হৈছে চুফিয়ান তালুকদাৰ আৰু আজিম উদ্দিন । গুৱাহাটী বিমানবন্দৰৰ পৰা কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োকে ।

উল্লেখ্য় যে যোৱা ২৬ ডিচেম্বৰত কাছাৰৰ লক্ষীপুৰত দুখন বাৰ্মিজ চুপাৰি ভৰ্তি তেলৰ টেংকাৰ জব্দ কৰিছিল আৰক্ষীয়ে । এই দুখন তেলৰ টেংকৰ আৰক্ষীয়ে জব্দ কৰাৰ পাছত তদন্তৰ নামি আৰক্ষীয়ে প্ৰথমে কাছাৰৰ কুখ্যাত চুপাৰি মাফিয়া ৰাজন লস্কৰক গ্ৰেপ্তাৰ কৰে । ৰাজন লস্কৰক জেৰা কৰাৰ পিচত আৰক্ষীয়ে চুফিয়ান তালুকদাৰ আৰু আজিম উদ্দিন এই ঘটনাৰ লগত জড়িত থকাৰ তথ্য লাভ কৰে ।

এই তথ্য লাভৰ পাছত দুই অভিযুক্তক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰে তীব্ৰ অভিযান ৷ কিন্তু আৰক্ষীৰ ভয়ত ইমানদিনে কাশ্মীৰত আত্মগোপন কৰি আছিল চুফিয়ান তালুকদাৰ আৰু আজিম উদ্দিন । কাশ্মীৰত ইমান দিন আত্মগোপন হৈ থকাৰ পাছত যোৱা পৰহি এই দুই চুপাৰি মাফিয়া বিমানযোগে গুৱাহাটীলৈ অহাৰ বিষয়ে আৰক্ষীয়ে তথ্য় লাভ কৰে । এক গোপন সূত্ৰৰ ভিত্তিত কাছাৰ আৰক্ষীৰ এটা দলে গুৱাহাটী বিমানবন্দৰত খাপপিটি থাকে । এই বিমানবন্দৰৰ পৰা কাছাৰ আৰক্ষীৰ দলটোৱে দুই মাফিয়াক গ্ৰেপ্তাৰ কৰি কাছাৰলৈ লৈ আহে । বৰ্তমানে কাছাৰৰ লক্ষীপুৰ আৰক্ষী চকীত ধৃত দুয়োকে আৰক্ষীয়ে জেৰা চলাই আছে ।

লগতে পঢ়ক:উত্তৰ কাছাৰত চলি আছে ভোটগ্ৰহণ, লক্ষাধিক ভোটাৰে 86 গৰাকী প্ৰাৰ্থীৰ নিৰ্ণয় কৰিব ভাগ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.