ETV Bharat / state

জয় শ্ৰী ৰাম নোকোৱাৰ বাবে ছাত্ৰক আক্ৰমণ - লাঠিৰে প্ৰহাৰ

শিলচৰ চহৰৰ কলেজ ৰোডত চাঞ্চল্যকৰ ঘটনা ৷ জয় শ্ৰী ৰাম ধ্বনি দিবলৈ অস্বীকাৰ কৰাৰ বাবেই এগৰাকী কলেজীয়া ছাত্ৰক নিৰ্মমভাৱে প্ৰহাৰ ৷ ৮ জনীয়া এটা দুষ্কৃতিকাৰীৰ দলে মেহৰাজ আহমেদ নামৰ যুৱক জনক নিৰ্মমভাৱে প্ৰহাৰ কৰি গুৰুতৰভাবে আঘাতপ্ৰাপ্ত কৰে ৷

student beaten by miscreant
student beaten by miscreant
author img

By

Published : Nov 19, 2020, 7:01 PM IST

কাছাৰ, 19 নৱেম্বৰ : জয় শ্ৰী ৰাম ধ্বনি দিবলৈ অস্বীকাৰ কৰাৰ বাবেই এগৰাকী কলেজীয়া ছাত্ৰক নিৰ্মমভাৱে প্ৰহাৰ ৷ শিলচৰ চহৰৰ কলেজ ৰোডত এই জঘন্য ঘটনা সংঘটিত হৈছে ৷ ৮ জনীয়া এটা দুষ্কৃতিকাৰীৰ দলে মেহৰাজ আহমেদ নামৰ যুৱক জনক নিৰ্মমভাৱে প্ৰহাৰ কৰি গুৰুতৰভাবে আঘাতপ্ৰাপ্ত কৰে ৷ লগতে যুৱক জনৰ স্কুটী ভাঙি চূৰমাৰ কৰে দুষ্কৃতিকাৰী দলটোৱে ৷ ইতিমধ্যে এই সমস্ত ঘটনা সন্দৰ্ভত মেহৰাজ আহমেদে শিলচৰ সদৰ থানাত এটা গোচৰ ৰুজু কৰিছে ৷

জয় শ্ৰী ৰাম নোকোৱাৰ বাবে ছাত্ৰক আক্ৰমণ

আক্ৰান্ত মেহৰাজ আহমেদৰ অভিযোগ মতে, তেওঁ শিলচৰ কাছাৰ কলেজৰ ছাত্ৰ ৷ বুধবাৰে আবেলি কলেজ শেষ কৰি তেওঁ নিজ ঘৰলৈ উভতি যোৱাৰ সময়ত শিলচৰ কলেজ ৰোডত তেওঁক ৮ জনীয়া এটা যুবকৰ দলে আগচি ধৰে ৷ প্ৰথমে তেওঁৰ নাম সোধে আৰু নাম কোৱাৰ পিচত জয় শ্ৰী ৰাম ধ্বনি দিবলৈ কয় দলটোৱে ৷ মেহৰাজে জয় শ্ৰী ৰাম ধ্বনি দিবলৈ আপত্তি কৰিলে তেওঁৰ ওপৰত লাঠিৰে প্ৰহাৰ কৰে দুষ্কৃতিকাৰী দলটোৱে ।

দলটোৰ প্ৰহাৰত মূৰত আঘাত পায় যুৱকজনে ৷ দুষ্কৃতিকাৰী দলটোৱে তেওঁৰ ওপৰত আক্ৰমণ চলোৱাৰ লগতে তেওঁৰ স্কুটী খন ভাঙি চূৰমাৰ কৰে বুলি অভিযোগ কৰে মেহৰাজ আহমেদ ৷ এই সমস্ত ঘটনা সন্দৰ্ভত মেহৰাজ আহমেদে শিলচৰ সদৰ থানাত এটা গোচৰ ৰুজু কৰে ৷

student beaten by miscreant
এজাহাৰৰ প্ৰতিলিপি

ইপিনে ধৰ্মীয় আৱেগৰ সুযোগ গ্ৰহণ কৰি একাংশ লোকে এনেদৰে দেশৰ শান্তি-সম্প্ৰীতি তথা সদ্ভাৱনা বিনষ্ট কৰাৰ কামত লিপ্ত হোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক : বৰঙাবাৰীত হিমন্ত বিশ্ব শৰ্মাই স্থাপন কৰিব নাৰ্চিং বিদ্যালয়ৰ আধাৰশিলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.