ETV Bharat / state

চিনেমাৰ কায়দাৰে কাছাৰত চাঞ্চল্যকৰ ডকাইতি - কাছাৰৰ জিলা আৰক্ষী অধীক্ষক

সোমবাৰে নিশা ব্যৱসায়ীজনৰ বাসগৃহত 20 জনীয়া এটা অস্ত্ৰধাৰী ডকাইতৰ দলে প্ৰৱেশ কৰি কেইবালাখ নগদ ধনসহ আ-অলংকাৰ লুটি লৈ যায় ৷ ডকাইতিকাণ্ড সংঘটিত কৰি উভতি যাওতে ডকাইতৰ দলটোৱে দুই ৰাউণ্ড শূন্যলৈও গুলীচালনা কৰে ৷

silchar-silchar-loot-incident
চিনেমাৰ কায়দাৰে কাছাৰত চাঞ্চল্যকৰ ডকাইতিকাণ্ড
author img

By

Published : Dec 16, 2020, 10:24 PM IST

শিলচৰ, 16 ডিচেম্বৰ : চিনেমাৰ কায়দাৰে এখন ঘৰত ডকাইতি কাণ্ড সংঘটিত কৰিলে এটা ডকাইতৰ দলে ৷ ঘটনা সংঘটিত হৈছে কাছাৰ জিলাৰ গুমৰা গ্ৰান্ট অঞ্চলত ৷ ঘটনাৰ বিৱৰণি মতে, অঞ্চলটোৰ বিশিষ্ট ব্যৱসায়ী হাজি আব্দুল কালামক বিগত নৱেম্বৰ মাহৰ পৰা কোনো অচিনাক্ত লোকে ফোন যোগে 20 লাখ টকা দাবী কৰি আহিছিল ৷ ঘটনা সন্দৰ্ভত ব্যৱসায়ী জনে জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াক অৱগত কৰে ৷ লোকজনে তেওঁৰ সুৰক্ষাৰ বাবে দুজন দেহৰক্ষী প্ৰদানৰ বাবেও কাছাৰৰ জিলা আৰক্ষী অধীক্ষকৰ ওচৰত আবেদন কৰে যদিও আৰক্ষী অধীক্ষকগৰাকীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৷

চিনেমাৰ কায়দাৰে কাছাৰত চাঞ্চল্যকৰ ডকাইতিকাণ্ড

ইয়াৰ মাজতে সোমবাৰে নিশা ব্যৱসায়ীজনৰ বাসগৃহত 20 জনীয়া এটা অস্ত্ৰধাৰী ডকাইতৰ দলে প্ৰৱেশ কৰি কেইবালাখ নগদ ধনসহ আ-অলংকাৰ লুটি লৈ যায় ৷ ডকাইতিকাণ্ড সংঘটিত কৰি উভতি যাওঁতে ডকাইতৰ দলটোৱে দুই ৰাউণ্ড শূণ্যলৈও গুলীচালনা কৰে ৷ ঘটনা সন্দৰ্ভত কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে জগদীশ দাসে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: সাধাৰণ ৰাইজক দুৰ্ভোগ ভোগাই বনজ সম্পদৰ লুণ্ঠনৰাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.