কাছাৰ,13মাৰ্চ: শুকুৰবাৰে নিশা শিলচৰৰ ৰামনগৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ তীব্ৰবেগী এখন ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় দুজন বাইক আৰোহী ৷ নিহত বাইক আৰোহী দুজন আকতাৰ হুছেইন আৰু ৰহিম উদ্দিন বুলি জানিব পৰা গৈছে ৷ মৃত ব্যক্তি দুজনৰ ঘৰ বৰখলা সমষ্টিৰ বালিঘাটত ৷
প্ৰাপ্ত খবৰ অনুসৰি, আকতাৰ হুছেইন আৰু ৰহিম উদ্দিন নামৰ লোক দুজনে মেলা চাবলৈ শিলচৰলৈ গৈছিল ৷ মেলা চাই শিলচৰৰ পৰা আহি থকাৰ সময়তে ৰামনগৰৰ ISBTৰ ওচৰত তীব্ৰ বেগেৰে আহি থকা এখন ডাম্পাৰে খুন্দিয়াই ,যাৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী দুজনৰ ৷
ইফালে, ঘটনা সংঘটিত হোৱাৰ পাচতে স্থানীয় ৰাইজে এম্বুলেঞ্চক খবৰ দিয়ে যদিও পলমকৈ ঘটনাস্থলীত উপস্থিত হয় এম্বুলেঞ্চ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, পলমকৈ এম্বুলেঞ্চ উপস্থিত হোৱাৰ বাবেই বাইক আৰোহী দুজনৰ মৃত্যু হয় ৷ লোক দুজনৰ মৃত্যুত ক্ষোভিত হৈ পৰে অঞ্চলবাসী ৷ ক্ষোভিত ৰাইজে শিলচৰ- কৰিমগঞ্জৰ সংযোগী পথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি তোলে ৷ এই উত্তপ্ত পৰিস্থিতিৰ বাবে তাৰাপুৰ আৰক্ষী চকীৰ আৰক্ষী বিষয়া আনন্দ মেহদি আৰু আতিকুৰ ৰহমান ঘটনাস্থলীত উপস্থিত হয় আৰু অৱৰোধ হৈ থকা পথটো মুকলি কৰি দিয়ে ৷ আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷
অন্য এক খবৰৰ বাবে:বিধায়ক প্ৰদীপ হাজৰিকাক আক্ৰমণৰ চেষ্টা দুৰ্বৃত্তৰ