শিলচৰ, 23 জুলাইঃ শিলচৰৰ মধুৰা কোৱাৰীত গাধুবলৈ গৈ সলিল সমাধি ঘটিল দুই যুৱকৰ ৷ সলিল সমাধি ঘটা যুৱকদ্বয়ৰ নাম সুৰজ মালাকাৰ আৰু ৰাকেশ দাস ৷ আন তিনিজন বন্ধুৰ সৈতে মধুৰা কোৱাৰীত গা ধুব গৈছিল সুৰজ আৰু ৰাকেশ ৷ চাৰিজন বন্ধু গা ধুৱলৈ পানীত নামি আনন্দ কৰাৰ বিপৰীতে এজনে মোবাইলত ৰেকৰ্ড কৰি আছিল সেই দৃশ্য ৷ তেনেতে পাহাৰৰ পৰা হঠাতে অহা পানীৰ তীব্ৰ সোঁতে উতুৱাই নিয়ে সুৰজ মালাকাৰ আৰু ৰাকেশ দাসক ৷
ঘটনাস্থলীত এন ডি আৰ এফৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই উদ্ধাৰ কৰে সুৰজ মালাকাৰৰ মৃতদেহ ৷ আনহাতে এতিয়াও সন্ধানহীন হৈ আছে ৰাকেশ দাস ৷