শিলচৰ, 9 মাৰ্চ: সৰ্বত্ৰে কৰ’ণা ভাইৰাছৰ আতংকই সন্ত্ৰাসিত কৰিলেও শিলচৰত দেখা পোৱা যায় অনুৰূপ দৃশ্য ৷ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগতে পালন কৰা হয় বসন্ত উৎসৱ ৷ বিভিন্ন সংগঠনৰ সহযোগত পালন কৰা হয় এই বসন্ত উৎসৱ ৷ কণ-কণ শিশুৰ পৰা বয়জেষ্ঠ লোকে অংশগ্ৰহণ কৰে নাৰী দিৱসৰ লগতে এই হোলী উৎসৱত ৷ ৰাসায়নিক ৰঙৰ পৰিৱৰ্তে প্ৰাকৃতিক ৰঙৰে ফাকু খেলাৰ আহ্বান ৷
হোলী উৎসৱৰ উপলক্ষে নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ য’ত কণ-কণ শিশুসকলে অংশগ্ৰহণ কৰে ৷ এনেদৰেই আনন্দ-ফূৰ্তিৰেই পালন কৰে নাৰী দিৱসৰ লগতে হোলী উৎসৱ ৷ এই আনন্দ ফূৰ্তিৰ মাজতো কিন্তু নিৰ্ভয়া কাণ্ডৰ দোষীক উচিত শাস্তি প্ৰদানৰ দিনটো জাতীয় নাৰী দিৱস হিচাপে পালন কৰিব লাগে বুলি উল্লেখ কৰে ৷