কাছাৰ, 4ফেব্ৰুৱাৰী : শিলচৰত আৰক্ষীৰ হাতত আটক ড্ৰাগছসহ দুজন ড্ৰাগছসৰবৰাহকাৰী ৷ মঙলবাৰে কাছাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই 100 গ্ৰাম হেৰ'ইন জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰে । ধৃ্ত ব্যক্তি দুজনৰ টায়াবুৰ ৰহমান লক্ষীপুৰ সমষ্টিৰ অন্তৰ্গত বাসকান্দিৰ আৰু আনজন খাইৰুল হক ধৰ্মনগৰৰ বাসিন্দা ৷ আৰক্ষীয়ে ধৃত লোকজনৰ লগতে TR 02 D 0231 (Santro) আৰু AS 11 CC 8579 (Cruiser) নম্বৰৰ দুখন গাড়ী জব্দ কৰে ৷ প্ৰায় দহ লাখ টকাৰ ড্ৰাগছ ইম্ফলৰ পৰা লৈ আহিছিল সৰবৰাহকাৰী দুজনে ।
লগতে পঢ়ক:অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ দেহাৱসান