ETV Bharat / state

সাম্প্ৰদায়িক বিতৰ্কিত মন্তব্যৰে বিতৰ্কত বিধায়ক দিলীপ পাল ! - Rection Congress

কৰ’ণা ভাইৰাছৰ প্ৰসংগত বিতৰ্কিত মন্তব্য শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালৰ ৷ বিশেষকৈ নিজামুদ্দিন মাৰ্কাজৰ তবলিগীত অংশগ্ৰহণ কৰি কৰ'ণা ভাইৰাছৰ সংক্ৰমণ কৰা লোকসকলক গুলীয়াই মৰাৰ পোষকতা কৰিছে শিলচৰৰ বিধায়ক গৰাকীয়ে ৷ মন্তব্য সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিক্ৰিয়া ৷

Silchar Dilip Paul reaction on Covid 19
বিতৰ্কিত মন্তব্য শিলচৰৰ বিধায়কৰ
author img

By

Published : Apr 9, 2020, 12:37 PM IST

শিলচৰ,9 এপ্ৰিলঃ কৰ’ণাৰ সংক্ৰমণৰ মাজতে বিতৰ্কিত মন্তব্যৰে খবৰৰ শিৰোনাম দখল কৰিছে শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালে ৷ বিধায়ক পালে দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত অনুষ্ঠিত তবলিগী জামাতত অংশগ্ৰহণ কৰি কৰ'ণা ভাইৰাছৰ সংক্ৰমণ কৰা লোকসকলক গুলীয়াই হত্যা কৰিব লাগে বুলি মন্তব্য প্ৰকাশ কৰে ৷ বিধায়ক গৰাকীয়ে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইসকল লোকক মানৱ বোমা বুলি অভিহিত কৰাৰ ওপৰত ভিত্তি কৰি এই মন্তব্য আগবঢ়ায় । লগতে পালে এইসকল লোকৰ মানৱতা নাই বুলি উল্লেখ কৰে ৷ বিভিন্ন দেশৰ উদাহৰণ দাঙি ধৰি বিধায়ক গৰাকীয়ে এই লোকসকলক গুলীয়াই হত্যা কৰাৰ পোষকতা কৰে ৷

কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

আনফালে, এই মন্তব্য় প্ৰকাশৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্য বিৰোধী দল কংগ্ৰেছে । বিৰোধী দলটোৱে দিলীপ পালৰ শাস্তি বিচাৰি এখন স্মাৰকলিপি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে ।

লগতে চাওকঃ অসম আৰোগ্য নিধিলৈ ১২৯৩৪ গৰাকী ব্যক্তিৰ বৰঙণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.