শিলচৰ, ৩০ মাৰ্চঃ কৰ'ণা ভাইৰাছৰ সংক্ৰমন প্ৰতিহত কৰিবলৈ আৰু বৰ্তমান পৰিস্থিতি সৈতে যুজিবলৈ আগবাঢ়ি আহিছেশিলচৰ জিলা কংগ্ৰেছে । সোমবাৰে জিলা কংগ্ৰেছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ আগবঢ়ালে ১ লাখ টকা । সোমবাৰে জিলা কংগ্ৰেছৰ সভাপতি প্ৰদীপ দে আৰু আন কৰ্মকৰ্তা সকলে অতিৰিক্ত জিলা উপায়ুক্ত সুমিত সাতওয়ানক সাক্ষা! কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দুৰ্যোগ সাহায্য একাউণ্টত এক লাখ টকাৰ চেক প্ৰদান কৰে ।
লগতে সভাপতি গৰাকীয়ে কয়, এই সংকটপূৰ্ণ সময়ত তেওঁ চৰকাৰৰ লগতে আছে আৰু চৰকাৰক সকলো ধৰণৰ সহায় কৰি যাব । তাৰোপৰি সকলো ৰাইজক ঘৰৰ ভিতৰত থাকি কৰ'ণা ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ অনুৰোধ জনাই ।