শিলচৰ,25 মাৰ্চঃ শিলচৰ চহৰৰ এন এন দত্ত ৰোডৰ আৰিহান্ত এপাৰ্টমেণ্টত বুধবাৰে তলা ওলোমালে কাছাৰ জিলা প্ৰশাসনে ৷ ইতিমধ্যে মিজোৰামত কৰ'ণা ভাইৰাছত আক্ৰান্ত যুৱতীগৰাকীৰ বান্ধৱীসকল এই আৱাসিক এলেকাত থকাৰ কথা জানিব পাৰি প্ৰশাসনে তলা ওলোমায় এপাৰ্টমেণ্টটোত ৷ যুৱতীগৰাকীৰ পাঁচগৰাকী বান্ধৱীৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰে প্ৰশাসনে ৷ আটাইকেইজনী যুৱতীকে সম্প্ৰতি গৃহত আবদ্ধ থকাৰ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে । সমগ্ৰ অঞ্চলটো সংক্ৰমণৰ পৰা বাচিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ৷
লগতে চাওকঃ তামিলনাডুত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 23 জনলৈ বৃদ্ধি